ETV Bharat / state

ৰংগেশ্বৰী পামগাঁৱত পথত ভূঁই ৰুই গঞা ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Jun 12, 2021, 11:02 PM IST

ভূঁই ৰুই প্ৰতিবাদ গঞা ৰাইজৰ ৷ গোৱালপাৰা জিলাৰ সীমামূৰীয়া অঞ্চল নগৰবেৰাৰ জলজলী নদীৰ পাৰঘাটৰ পৰা টুপামাৰীলৈ যোৱা ব্যস্ত পথচোৱাৰ অৱস্থা পুতৌজনক ৷ পথচোৱা নিৰ্মাণৰ বাবে ২০২০-২১ বৰ্ষত এম জি এনৰেগাৰ আচঁনিৰ অধীনত ৬,৭৩,৩৬১ টকা আৱন্টন দিয়া হৈছিল ৷ গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৷

People's protests on the road in Rangeshwari Pam village
ৰংগেশ্বৰী পাঁম গাঁৱত পথত ভূই ৰুই গঁঞা ৰাইজৰ প্ৰতিবাদ

গোৱালপাৰা, 12 জুন: ৰংগেশ্বৰী পামগাঁৱত ৰাইজৰ অভিনৱ প্ৰতিবাদ ৷ গাওঁখনৰ একাংশ পুৰুষ মহিলাই পথত ভূঁই ৰুই, মাছ ধৰি সাব্যস্ত কৰিলে প্ৰতিবাদ । গোৱালপাৰা জিলাৰ সীমামূৰীয়া অঞ্চল নগৰবেৰাৰ জলজলী নদীৰ পাৰঘাটৰ পৰা টুপামাৰীলৈ যোৱা এক মাত্ৰ ব্যস্ত পথটোৰে নিতৌ শ শ পথচাৰীয়ে অহা যোৱা কৰাৰ লগতে বাইক আৰোহী, বিভিন্ন সৰু বৰ যান-বাহন চলাচল কৰে ।

কিন্তু, বাৰিষাৰ পূৰ্বে পথচোৱাৰ অৱস্থা পুতৌজনক হৈ পৰি উক্ত পথটো পথৰ পৰিৱৰ্তে পানী অহা যোৱা কৰা নলা নৰ্দমাৰ দৰে দেখা গৈছে ৷ যাৰ বাবে দীৰ্ঘদিন ধৰি জীয়াতু ভুগি আহিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, ৰাইজৰ প্ৰৱল দাবীত পথছোৱা নিৰ্মাণৰ বাবে ২০২০-২১ বৰ্ষত এম জি এনৰেগাৰ আচঁনিৰ অধীনত ছমৰীয়া উন্নয়ণ খণ্ডৰ ভখুৰাদিয়া ৰংগেশ্বৰী গাঁও পঞ্চায়তৰ জৰিয়তে ৬,৭৩,৩৬১ টকা আৱন্টন দিয়া হয় ।

People's protests on the road in Rangeshwari Pam village
ৰংগেশ্বৰী পামগাঁৱত পথত ভূঁই ৰুই গঞা ৰাইজৰ প্ৰতিবাদ

কিন্তু অভিযোগ অনুসৰি, পঞ্চায়তটোৰ সভানেত্ৰীগৰাকীয়ে ব্যাপক দুৰ্নীতি তথা অনিয়ম সংঘটিত কৰি পথটোৰ নিৰ্মাণ কাৰ্য আধাতে শেষ কৰাত গাঁওখনৰ সৰ্বসাধাৰণ ৰাইজে একাঁঠু বোকাময় পথৰে নৰক যন্ত্ৰনা ভোগ কৰি যাতায়ত কৰিবলগীয়া হৈছে ।

সগতে পঢ়ক: ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ২.১৬ শতাংশলৈ হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.