ETV Bharat / state

পঞ্চায়ত সচিবৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৰাইজৰ

author img

By

Published : Apr 29, 2020, 5:10 PM IST

লক্ ডাউন চলি থকাৰ মাজতে গোৱালপাৰা জিলাৰ ৫১ নং বলদমাৰী চৰ গাঁও পঞ্চায়তত ৰেচন বিতৰণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ । পঞ্চায়ত সচিব আমজাদ আলী আৰু ৱাৰ্ডৰ সদস্যা ছাঞ্চিলা মাৰাকৰ বিৰুদ্ধে উত্থাপন হৈছে এই দুৰ্নীতিৰ অভিযোগ ।

complain on relief distribution
complain on relief distribution

গোৱালপাৰা, 29 এপ্ৰিল : সমগ্ৰ দেশতে অব্যাহত আছে লক্ ডাউন। এই লক্ ডাউনৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । গোৱালপাৰা জিলাৰ পূৱ গোৱালপাৰা সমষ্টিতো খাদ্যৰ বাবে হাহাকাৰ কৰিছে দৰিদ্ৰ জনগণে। লক্ ডাউন চলি থকাৰ ফলত খাদ্যৰ বাবে দৰিদ্ৰ জনতাই যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে চৰকাৰে ৰেচন কাৰ্ড নথকা হিতাধিকাৰীক বিনামূলীয়াকৈ চাউল যোগান ধৰাৰ লগতে ১০০০ টকাকৈ নগদ ধনৰ এককালীন সাহায্য প্ৰদান কৰিছে ।

এই নগদ ধন আৰু চাউল বিতৰণক লৈ ৫১ নং বলদমাৰী চৰ গাঁও পঞ্চায়ত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে । পঞ্চায়তটোৰ সচিব আমজাদ আলীৰ বিৰুদ্ধে উঠিছে এই অভিযোগ ৷ পঞ্চায়ত খনৰ একাংশ দৰিদ্ৰ লোকে প্ৰকাশ কৰা অনুসৰি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি সচিব আমজাদ আলীয়ে ৰেচন কাৰ্ডত নাম থকা ব্যক্তিকো এই সাহায্য আৰু নগদ ধন প্ৰদান কৰিছে ৷

চৰকাৰী সাহায্য প্ৰদানত দুৰ্নীতিৰ অভিযোগ !

তাৰোপৰি পৰিয়াল অনুযায়ী হিচাপ মতে ২২.৫০০ কিল'গ্ৰামকৈ চাউল যোগান ধৰিব লাগিছিল যদিও পৰিয়াল সমূহৰ সদস্য অনুপাতে ৪ কিল'গ্ৰামকৈ হে চাউল যোগান ধৰিছে বুলি অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে । এনেদৰে দৰিদ্ৰ ৰাইজক বঞ্চিত কৰাত পঞ্চায়ত সচিব আমজাদ আলীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাইজ । কেৱল এয়াই নহয় নিজৰ ৰাজনৈতিক জীৱন সুৰক্ষিত কৰি ৰাখিবৰ বাবে এই গৰাকী সচিব আমজাদ আলী আৰু ৱাৰ্ড সদস্য ছাঞ্চিলা মাৰাকে নিজৰ আত্মীয়ৰ লগতে অৱস্থাপন্ন পৰিয়ালকো এই নগদ ধন আৰু চাউল দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে ।

আনহাতে, ৰাইজৰ এই অভিযোগ খণ্ডন কৰি চৰকাৰী নিয়ম মতেই সাহায্য প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰিছে সচিব আমজাদ আলীয়ে ৷ সচিবগৰাকীৰ মতে, যদি কোনো পৰিয়াল বাদ পৰিছে, তেন্তে ৱাৰ্ড সদস্যই তেওঁলোকৰ নাম অন্তৰ্ভুক্ত নকৰাৰ বাবেহে হৈছে ৷

পঞ্চায়ত সচিবে খণ্ডন কৰিলে অভিযোগ

৫১ নং বলদমাৰী চৰ গাঁও পঞ্চায়তত সংঘটিত ৰেচন আৰু নগদ ধনৰ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে আৰু গোৱালপাৰা জিলা প্ৰশাসনক আহ্বান জনাইছে দুৰ্ভগীয়া ৰাইজে ।

লগতে পঢ়ক : অখিল গগৈৰ মুক্তিৰ অনুৰোধ লৈ প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি পৰেশ বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.