ETV Bharat / state

Goalpara Civil Hospital incident: চিকিৎসকক প্ৰহাৰ ৰোগীৰ পৰিয়ালৰ, আটক দুজন

author img

By

Published : May 28, 2023, 2:27 PM IST

গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক ৰোগীৰ পৰিয়ালৰ প্ৰহাৰ (Patient family attacks doctor)। দুজনক আটক কৰিছে আৰক্ষীয়ে । ঘটনাক লৈ তীব্ৰ উত্তেজনা গোৱালপাৰাত ।

Patient family attacks doctor
চিকিৎসকক প্ৰহাৰ ৰোগীৰ পৰিয়ালৰ

চিকিৎসকক প্ৰহাৰ ৰোগীৰ পৰিয়ালৰ

গোৱালপাৰা,২৮ মে': গোৱালপাৰা অসামৰিক চিকিৎসালয়ত উত্তেজনা (Tense situation in Goalpara Civil Hospital)। ৰোগীৰ আত্মীয়ৰ বিৰুদ্ধে চিকিৎসকক প্ৰহাৰৰ অভিযোগ উঠিছে । আক্ৰমণকাৰী দুজন লোকক আৰক্ষীয়ে আটক কৰিছে ।

ৰাজ্যত প্ৰায়ে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক প্ৰহাৰ কৰা ঘটনা সংঘটিত হোৱা দেখা যায় । ভগৱান বুলি জ্ঞান কৰা চিকিৎসকক একাংশ অসুস্থ মানসিকতাৰ লোকে আক্ৰমণ কৰা দেখা যায় । গোৱালপাৰা জিলাতো শনিবাৰে নিশা অনুৰূপ ঘটনা সংঘটিত হ'ল । এইবাৰ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ৰোগীৰ আত্মীয়ই প্ৰহাৰ কৰিলে কৰ্তব্যৰত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক ।

জানিব পৰা মতে, শনিবাৰে সন্ধিয়া গোৱালপাৰা চহৰৰ কাৰবালাৰ মফিজুল ইছলাম নামৰ এজন লোকৰ পুত্ৰই আত্মহত্যাৰ চেষ্টা কৰে । চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি পিতৃ মফিজুল ইছলামে পুত্ৰক উদ্ধাৰৰ চেষ্টা কৰে । কিন্তু সেই সময়তে মাটিত বাগৰি মূৰত বেয়াকৈ আঘাত পায় পুত্ৰই । পুত্ৰৰ অৱস্থা সংকটজনক দেখি পিতৃয়ে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডত ভর্তি কৰে ।

চিকিৎসকে ৰোগীৰ মূৰত বেয়াকৈ আঘাত পোৱাত অভিভাৱকক ঘটনাটোৰ বিষয়ে সোধাত ৰোগীৰ পিতৃ মফিজুল ইছলামে ঘটনাটো সম্পূৰ্ণ বিৱৰি কয় । ঘটনাটোৰ বিষয়ে জনাৰ পাছতে চিকিৎসকগৰাকীয়ে ৰোগীৰ পৰিয়ালক আৰক্ষীক অৱগত কৰিবলৈ কয় । কিন্তু সেয়াই কাল হ'ল চিকিৎসক আশ্ৰাফুল আলম জোদ্দাৰৰ বাবে (Goalpara Civil Hospital)। প্ৰথমে চিকিৎসকগৰাকীক অকথ্য গালি-গালাজ কৰে ৰোগীৰ পৰিয়ালে । তাৰ পাছতে প্ৰহাৰ কৰাৰো অভিযোগ উঠিছে ।

ইফালে চিকিৎসালয়ত কৰ্মৰত ৱাৰ্ড বয় জিতু কলিতাই কাজিয়াত বাধা দিবলৈ যাওঁতে জিতু কলিতা, চাজিদ আৰু চাফাই কৰ্মী সম্ভু বাচফৰকো প্ৰহাৰ কৰে পৰিয়ালৰ লোকসকলে । পৰিস্থিতি উত্তপ্ত দেখি চিকিৎসালয়ত কৰ্তব্যৰত কৰ্মীয়ে গোৱালপাৰা সদৰ আৰক্ষীক অৱগত কৰায় । পাছত গোৱালপাৰা সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা আক্ৰমণকাৰী মফিজুল ইছলাম আৰু ফৰিজুল ইছলাম নামৰ দুজনক আটক কৰি গোৱালপাৰা সদৰ আৰক্ষী থানালৈ লৈ যায় ।

লগতে পঢ়ক :Miscreants Open Fire on Businessman: বিলাসীপাৰাত ভাড়াঘৰৰ ভিতৰত ব্যৱসায়ীক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.