গোৱালপাৰা,27 জুলাইঃ নিৰ্দয় পিতৃ-মাতৃৰ আসুৰিক কাণ্ডই জোঁকাৰি গৈছে সমগ্ৰ গোৱালপাৰা ৷ কেৱল মাত্ৰ ধনৰ তাগিদাতেই এহাল পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে নিজৰ এমহীয়া যমজ নৱজাতকক ৷ গোৱালপাৰা জিলাৰ গোপালপুৰৰ নিৱাসী কুশল তালুকদাৰ আৰু ৰূপামণি কলিতা নামৰ দম্পতীহালে পিতৃ-মাতৃস্নেহৰ সকলো বান্ধোন পাহৰি বিক্ৰী কৰিলে নিজ যমজ নৱজাতকক ৷ প্ৰাপ্ত তথ্য অনুসৰি গোৱালপাৰা জিলাৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত এমাহ পূৰ্বে জন্ম হোৱা যমজ সন্তান দুটাক হাস্পতালৰ পৰা পিতৃ মাতৃয়ে লৈ আহি আধা বাটতে গুৱাহাটী আৰু বঙাইগাঁওত পৃথকে পৃথকে বিক্ৰী কৰি দিছিল ৷
বৰ্তমান সমাজ কল্যান বিভাগে যমজ শিশু দুটিক উদ্ধাৰ কৰি State Adoption Authourity চমুকৈ( SAA) নামৰ এটা NGO ৰ তত্বাৱধানত ৰাখিছে ৷ কিন্তু উক্ত ঘটনা সন্দৰ্ভত কুশল তালুকদাৰৰ পিতৃ-মাতৃয়ে অজ্ঞতা প্ৰকাশ কৰিছে ৷ জানিব পৰা মতে দম্পতীহালে শিশু দুটাক দহ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰিছিল ৷ কুশল তালুকদাৰ পেছাত এজন চৰকাৰী কৰ্মচাৰী আৰু আৰ্থিক ভাৱেও টনকিয়াল তেওঁৰ পৰিয়ালটো ৷ কিন্তু তেনেস্থলত কি উদেশ্য লৈ বিক্ৰী কৰা হৈছিল যমজ ল'ৰা সন্তান দুটিক । ইয়াক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷