ETV Bharat / state

চিকিৎসক অবিহনে ধুবুৰী জিলাত চলিছে এখন চিকিৎসালয় ! - pharmacist

চিৰাকুটি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখনত চিকিৎসকৰ আৱাস গৃহৰ পৰা আৰম্ভ কৰি সকলো প্ৰকাৰৰ সা-সুবিধা আছে ৷ কিন্তু অভিযোগ অনুসৰি চিকিৎসালয়খনত এগৰাকীও চিকিৎসক নাই ৷

চিকিৎসক অবিহনে ধুবুৰী জিলাত চলিছে এখন চিকিৎসালয়!
author img

By

Published : May 14, 2019, 4:00 PM IST

পশ্চিম গোৱালপাৰা, 14 মে' : ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ অধীনষ্ঠ এখন চিকিৎসক নথকা চিকিৎসালয় ৷ এই চিকিৎসালয়খন হৈছে চিৰাকুটি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷ চিকিৎসালয় খনত চিকিৎসকৰ সলনি ফাৰ্মাচিষ্ট গৰাকীয়ে চিকিৎসা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

চিকিৎসক অবিহনে ধুবুৰী জিলাত চলিছে এখন চিকিৎসালয়!

চিৰাকুটি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখনত চিকিৎসকৰ আৱাস গৃহৰ পৰা আৰম্ভ কৰি সকলো প্ৰকাৰৰ সা-সুবিধা আছে ৷ কিন্তু অভিযোগ অনুসৰি চিকিৎসালয়খনত এগৰাকীও চিকিৎসক নাই ৷ ইপিনে স্থানীয় ৰাইজে জনোৱা অনুসৰি বিভিন্ন সময়ত চিকিৎসালয়খনত চিকিৎসক নিয়োগ কৰিবৰ বাবে বাৰম্বাৰ দাবী জনাই অহাৰ পাচতো আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল ৷ কিবা কাৰণত ৰোগীৰ অৱস্থা অৱনতি ঘটিলে স্থানীয় ৰাইজে সুদূৰ গোৱালপাৰালৈ নিবলগীয়া হয় ৷ ফলত ফাৰ্মাচিষ্ট গৰাকীয়েই স্থানীয় লোকসকলৰ একমাত্ৰ ভৰষা বুলি জনাই তেওঁলোকে ৷ সেয়ে পয়া লগা যোগাযোগ ব্যৱস্থাই কোঙা কৰা অঞ্চলৰ ৰাইজ সকলে শীঘ্ৰে চিকিৎসালয়খনত চিকিৎসক নিযুক্তি কৰিবলৈ স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাক দাবী জনায় ৷

Intro:এখন চিকিৎসালয়। চিকিৎসালয় খনত নাই এগৰাকীও চিকিৎসক।ফাৰ্মাচিষ্ট গৰাকীয়েই চলাই গৈছে চিকিৎসা। Body:ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ অধীনস্থ এইখন চিৰাকুটি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ।দৈনিক শতাধিক ৰোগীয়ে ভিৰ কৰা চিকিৎসালয় খনত নাই এগৰাকী চিকিৎসক।
চিকিৎসকৰ আৱাস গৃহৰ পৰা আৰম্ভ কৰি সকলো প্ৰকাৰৰ সা সুবিধা ও আছে। কিন্তু তথাপিও নাথাকে এগৰাকীও চিকিৎসক।বাৰম্বৰ দাবী জনোৱাৰ পিছতো নললে কোনো ধৰণৰ ব্যৱস্থা। ফলত ফাৰ্মাচিষ্ট গৰাকীয়েই একমাত্ৰ ভৰষা। কিবা কাৰণত ৰোগীৰ অৱস্থা অৱনতি ঘটিলে স্থানীয় ৰাইজে দৌৰিব লগা হয় সুদূৰ ধুবুৰী নথকা গোৱালপাৰাললৈ ।Conclusion:পয়া লগা যোগাযোগ ব্যৱস্থাই কোঙা কৰা অঞ্চলৰ ৰাইজে শীঘ্ৰে চিকিত্সক নিযুক্তি দিবলৈ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাক দাবী জনাইছে।
বেদীশ নাথ
পশ্চিম গোৱালপাৰা ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.