ETV Bharat / state

গোৱালপাৰাত 'নামনি অসম গ্ৰাম্য মহোৎসৱ' আৰম্ভ - 'নামনি অসম গ্ৰাম্য মহোৎসৱ'

লক্ষীপুৰৰ খলিচাভিটাৰ জিঞ্জিৰাম নৈৰ পাৰত উখল-মাখল পৰিৱেশ । সোমবাৰৰ পৰা আৰম্ভ হৈছে 'নামনি অসম গ্ৰাম্য মহোৎসৱ' । গ্ৰামাঞ্চলৰ বিভিন্ন কলা-সংস্কৃতি দাঙি ধৰাৰ উদ্দেশ্যেৰে আয়োজন কৰা হৈছে 'নামনি অসম গ্ৰাম্য মহোৎসৱ' ।

গোৱালপাৰাৰ লক্ষীপুৰত সোমবাৰৰ পৰা 'নামনি অসম গ্ৰাম্য মহোৎসৱ' আৰম্ভ

author img

By

Published : Mar 1, 2021, 7:58 PM IST

গোৱালপাৰা,১ মাৰ্চ: ১০দিনীয়া কাৰ্যসূচীৰে গোৱালপাৰাৰ লক্ষীপুৰৰ খলিচাভিটাত আৰম্ভ হ'ল 'নামনি অসম গ্ৰাম্য মহোৎসৱ' । সোমবাৰৰ পৰা খলিচাভিটাৰ জিঞ্জিৰাম নৈৰ পাৰত প্ৰথমবাৰৰ বাবে এই মহোৎসৱ অনুষ্ঠিত হৈছে । আটকধুনীয়াকৈ সজাই তোলা হৈছে নৈৰ পাৰ ।

গোৱালপাৰাৰ লক্ষীপুৰত সোমবাৰৰ পৰা 'নামনি অসম গ্ৰাম্য মহোৎসৱ' আৰম্ভ
গোৱালপাৰাৰ লক্ষীপুৰত সোমবাৰৰ পৰা 'নামনি অসম গ্ৰাম্য মহোৎসৱ' আৰম্ভ

গ্ৰামাঞ্চলৰ বিভিন্ন কলা-সংস্কৃতি দাঙি ধৰাৰ উদ্দেশ্যেৰে 'নামনি অসম গ্ৰাম্য মহোৎসৱ' আয়োজন কৰা হৈছে বুলি জানিবলৈ দিছে আয়োজকে । নিভাঁজ গাঁৱৰ জীৱনশৈলীক উপস্থাপন কৰিবলৈ প্ৰয়াস কৰা হৈছে ।

আনহাতে, কণ কণ শিশুৱে খেলাৰ বাবেও ব্যৱস্থা কৰা হৈছে । লগতে খাদ্য-বস্ত্ৰকে ধৰি গাঁৱত তৈয়াৰ কৰা বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে মহোৎসৱথলী । 'নামনি অসম গ্ৰাম্য মহোৎসৱ'ত যথেষ্ট লোকৰ সমাগম হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে আয়োজকসকলে ।

লগতে পঢ়ক:অসমলৈ সোঁত ববলৈ আৰম্ভ হৈছে ৰাষ্ট্ৰীয় ৰাজনৈতিক নেতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.