ETV Bharat / state

Miya Museum inaugurated : কলাক্ষেত্ৰত নহয় লক্ষীপুৰত উদ্বোধন হ’ল মিঞা সংগ্ৰহালয়

author img

By

Published : Oct 23, 2022, 6:24 PM IST

ৰাজ্যত স্থাপন কৰা হ’ল এটা মিঞা সংগ্ৰহালয় । কলাক্ষেত্ৰত নহয়, গোৱালপাৰাৰ লক্ষীপুৰত আনুষ্ঠিকভাৱে উদ্বোধন কৰা হ’ল মিঞা সংগ্ৰহালয় (Miya Museum inaugurated at Lakhipur)৷ এই সংগ্ৰহালয়ত ৰখা হৈছে মিঞাসকলে ব্যৱহাৰ কৰা সামগ্ৰীসমূহ ৷

Miya Museum inaugurated at Lakhipur
মিঞা সংগ্ৰহালয় উদ্বোধন

গোৱালপাৰা, 23 অক্টোবৰ : মিঞা সংগ্ৰহালয়ক লৈ শাসক-বিৰোধীৰ বাকযুদ্ধ চলি থকাৰ মাজতে বিতৰ্কৰ অৱসান ঘটাই আজি অৰ্থাৎ দেওবাৰে অনুষ্ঠিকভাৱে উদ্বোধন কৰা হ’ল এটা মিঞা সংগ্ৰহালয় (Miya Museum inaugurated at Lakhipur) । বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে মিঞাসকলৰ অতীজৰে পৰা ব্যৱহাৰ কৰা সামগ্ৰীবোৰ কলাক্ষেত্ৰৰ সংগ্ৰহালয়ত ৰখাৰ বাবে দাবী কৰি বিতৰ্কৰ সৃষ্টি কৰি আহিছিল ।

মিঞা সংগ্ৰহালয় উদ্বোধন

অৱশেষত আজি এই বিতৰ্কৰ অৱসান ঘটাই মিঞা সংগঠনৰ একাংশ লোকে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মিঞা সংগ্ৰহালয় । অৱশ্যে কলাক্ষেত্ৰৰ পৰিৱৰ্তে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ডাপকাৰভিটাত স্থাপন কৰা হ’ল এই সংগ্ৰহালয়টো (Miya museum Establishment in Goalpara) ।

মিঞা পৰিষদৰ গোৱালপাৰা জিলাৰ সমিতিৰ উদ্যোগত মিঞা সংগ্ৰহালয় উদ্বোধন কৰে আহোম ৰয়েল চ’চাইটিৰ মুখ্য সাংগঠনিক সম্পাদক ধাদু মিঞাই । উদ্বোধনী ভাষণ প্ৰদান কৰে মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহৰ আলীয়ে । নকৈ উদ্বোধন কৰা মিঞা সংগ্ৰহালয়টোত আছে মিঞাসকলে অতীজৰে পৰা ব্যৱহাৰ কৰি অহা বিভিন্ন সামগ্ৰী ৷

ইয়াৰ ভিতৰত আছে মিঞাসকলে ব্যৱহাৰ কৰা ঢাল, গাছা, ডাৰি পাল্লা, নাহোৰ, নাঙল, বেকী দা ইত্যাদি ৷ উল্লেখ্য যে, গোৱালপাৰাত নকৈ উদ্বোধন কৰা মিঞা সংগ্ৰহালয়ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মিঞা জনগোষ্ঠীৰ কেইবা শতাধিক ৰাইজৰ লগতে মিঞা পৰিষদৰ বিষয়-ববীয়াসকল ।

লগতে পঢ়ক : Basistha Dev Sharma no more: বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ নশ্বৰদেহলৈ শ্ৰদ্ধাঞ্জলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.