ETV Bharat / state

Youth missing in Goalpara: গোৱালপাৰাৰ জিনাৰী নৈত সন্ধানহীন যুৱক

নৈত গা ধুবলৈ গৈ সন্ধানহীন গোৱালপাৰাৰ জছনুৰ আলী নামৰ যুৱকজন (Youth missing at Jinari River in Goalpara)। সোমবাৰৰ পৰা সন্ধানহীন যুৱকজনৰ আজিলৈ কোনো সন্ধান নাই । SDRF ৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

author img

By

Published : Jul 12, 2022, 10:13 AM IST

Missing
গোৱালপাৰাৰ জিনাৰী নৈত সন্ধানহীন যুৱক

গোৱালপাৰা,১২ জুলাই : গোৱালপাৰা জিলাৰ জিনাৰী নৈত পুনৰ অঘটন । নৈত গা ধুবলৈ গৈ সন্ধানহীন যুৱক (Youth Missing in Goalpara)। ঘটনাৰ ২৪ ঘণ্টা পাছতো কোনো সন্ধান নাই যুৱকজনৰ । মঙলবাৰে পুৱাৰে পৰা SDRFৰ দলে পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।

উল্লেখ্য যে সোমবাৰে দিনৰ ভাগত সংঘটিত হৈছিল এই ঘটনাটো । শাকোমুৰিৰ জছনুৰ আলী নামৰ যুৱকদজনে হাৰিমুৰাৰ জিনাৰী নৈৰ শ্লুইছ গেটত গা ধুবলৈ গৈছিল । তিনি বন্ধুৰ লগত গা ধুই থকা অৱস্থাতে নৈৰ সোঁতত উটি যায় জছনুৰ । তেতিয়াৰে পৰা কোনো সন্ধান নাই জছনুৰৰ (Youth missing at Jinari River in Goalpara)।

গোৱালপাৰাৰ জিনাৰী নৈত সন্ধানহীন যুৱক

বন্ধু কেইজনে লগে লগে জছনুৰৰ পৰিয়াল আৰু আৰক্ষীক খবৰ দিয়ে । খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষী আৰু SDRFৰ উদ্ধাৰকাৰী দল উপস্থিত হয় । SDRF আৰু আৰক্ষীয়ে জছনুৰক বিচাৰি অভিযান আৰম্ভ কৰে যদিও সন্ধিয়ালৈ কোনো সম্ভেদ নাপালে জছনুৰৰ ।

নিশা হোৱাৰ লগে লগে অভিযান বন্ধ কৰা হয় । মঙলবাৰে পুৱা পুনৰ সেই স্থানত SDRFৰ দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও বাতৰি সংগ্ৰহৰ সময়লৈ জছনুৰৰ কোনো সন্ধান পোৱা হোৱা নাই ।

লগতে পঢ়ক :পুখুৰীত গা ধুবলৈ গৈ কিশোৰৰ মৃত্যু

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.