ETV Bharat / state

দুৰ্বৃত্তই ভাঙিলে জাতিৰ পিতাৰ প্ৰতিমূৰ্তি - জিলা প্ৰশাসন

জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা জনাই বিভিন্ন স্থানত তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰা দেখা যায় ৷ কিন্তু তেনে এটি প্ৰতিমূৰ্তিয়েই এইবাৰ ভাঙি পেলালে দুৰ্বৃত্তই ৷ অসমতে সংঘটিত হৈছে এই নিকৃষ্ট কাণ্ড ৷

Mahatma Gandhi
গোৱালপাৰাত জাতিৰ পিতাৰ প্ৰতিমূৰ্তি ভাঙিলে দুৰ্বৃত্তই
author img

By

Published : Jul 28, 2021, 10:49 AM IST

গোৱালপাৰা, ২৮ জুলাই : এই জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিক (Mahatma Gandhi Statue) লক্ষ্য কৰি ল'লে অচিনাক্ত দুৰ্বৃত্তই । নিশা গোৱালপাৰাৰ বি অ' চি পইণ্টত (Goalpara BOC point) থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি থৈ যায় কোনো লোকে । জিলা প্ৰশাসনে স্থাপন কৰা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটোৰ লাখুটি আৰু হাতৰ এটা অংশ ভাঙি থৈ যায় দুৰ্বৃত্তই ।

এই ঘটনাৰ পাছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ গোৱালপাৰা চহৰত । এই ঘটনাক একেমুখে গৰিহণা দিছে চহৰবাসীয়ে । এই কাৰ্য কেৱল গোৱালপাৰাবাসীৰ বাবে নহয় সমগ্ৰ দেশবাসীৰ বাবে দুৰ্ভাগ্যজনক ঘটনা বুলি দাবী কৰিছে একাংশ লোকে । জাতিৰ পিতাৰ প্ৰতি কৰা এনে অসন্মানক ধিক্কাৰ দিছে চহৰখনৰ বিভিন্ন জনে ।

ইফালে এই ঘটনা নিশাই সংঘটিত হয় যদিও বিয়লিহে ৰাইজৰ চকুত পৰে । লগে লগে খবৰ দিয়া হয় আৰক্ষীক । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে । লগতে ওচৰতে থকা ভাৰতীয় ষ্টেট বেংকৰ চিচিটিভি কেমেৰাত বন্দী হোৱা প্ৰতিমূৰ্তি ভঙাৰ দৃশ্য সংগ্ৰহ কৰিছে আৰক্ষীয়ে ।

ৰাইজৰ আশা অতি শীঘ্ৰে আৰক্ষীয়ে কৰায়ত্ত কৰিব পাৰিব দুৰ্বৃত্তক । কিন্তু আৰক্ষীৰ লোক অনবৰতে সেই স্থানত থকাৰ পিছতো কেনেদৰে এই ঘটনা সংঘটিত হ'ব পাৰে বুলি অভিযোগ তুলিছে । উল্লেখ্য যে ভাৰতৰ বিভিন্ন স্থানত শেহতীয়াকৈ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিক একাংশ লোকে লক্ষ্য কৰি লোৱা দেখা গৈছে ।

যাৰ বাবে গোৱালপাৰৰ একাংশ লোকে এটা নিৰ্দিষ্ট সংগঠনৰ নেতৃত্বত এই কাৰ্য সংঘটিত কৰা বুলি সন্দেহ কৰিছে । তেওঁলোকৰ মতে সংগঠনটোৱে মহাত্মা গান্ধীৰ হত্যাকাৰীক পূজা কৰে আৰু মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙে । সেয়ে অতি শীঘ্ৰে এই ঘটনাৰ লগত জড়িত প্ৰকৃত দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে জিলাখনৰ একাংশ লোকে ।

লগতে পঢ়ক :অসম-মিজোৰাম সীমান্ত সংঘাত: দিল্লীত গৃহ মন্ত্ৰণালয়ৰ বিশেষ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.