ETV Bharat / state

বিজেপি সংখ্যালঘু মৰ্চাৰ জিলা সভাপতিক দলবদ্ধ আক্ৰমণ

author img

By

Published : Aug 30, 2020, 4:42 AM IST

শনিবাৰে সন্ধিয়া ৯ মান বজাত লক্ষীপুৰৰ তালতোলাত সংঘটিত হয় এক দলবদ্ধ আক্ৰমণৰ ঘটনা । বিজেপি সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি নুৰজামাল শিকদাৰক দলবদ্ধ আক্ৰমণ । আক্ৰমণত গুৰুতৰ আহত শিকদাৰ ।

bjp minority front leader
bjp minority front leader

গোৱালপাৰা, 29 আগষ্ট : গোৱালপাৰাৰ লক্ষীপুৰৰত বিজেপি সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি নুৰজামাল শিকদাৰক দলবদ্ধ আক্ৰমণ । আক্ৰমণত গুৰুতৰ আহত শিকদাৰ । ততাতৈয়াকৈ লক্ষীপুৰ মহকুমা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা লৈ প্ৰেৰণ কৰা হয় লোকজনক ।

শনিবাৰে সন্ধিয়া ৯ মান বজাত লক্ষীপুৰৰ তালতোলাত সংঘটিত হয় এই দলবদ্ধ আক্ৰমণৰ ঘটনা । বিজেপি সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি নুৰজামাল শিকদাৰে চাৰিচকীয়া বাহনেৰে লক্ষীপুৰৰ পৰা আমবাৰীৰ নিজ ঘৰলৈ গৈ থকা অৱস্থাত তালতোলাত একাংশ লোকে বাহনখন ৰখিবলৈ ইংগিত দিয়ে । শিকদাৰে বাহনখন ৰখোৱাৰ লগে লগে দুস্কৃতিকাৰীৰ দলটোৱে তেওঁক উপৰ্যুপৰি শাৰীৰিকভাবে আক্ৰমণ কৰে ।

বিজেপি সংখ্যালঘু মৰ্চাৰ জিলা সভাপতিক দলবদ্ধ আক্ৰমণ

আক্ৰমণত গুৰুতৰ আহত শিকদাৰে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজৰ হস্তক্ষেপত শিকদাৰৰ প্ৰাণ ৰক্ষা পৰে । শিকদাৰে আক্ৰমণকাৰী দলটোত লক্ষীপুৰ ব্লক কংগ্ৰেছৰ সভাপতি এ এছ এম জাকাৰীয়াক চিনি পোৱা বুলি সদৰী কৰে । দুস্কৃতিকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি যথাচিত আইনী শাস্তি বিহিবলৈ দাবী উত্থাপন কৰিছে দলীয় কৰ্মীবৃন্দই ।

লগতে পঢ়ক : অজিত ভূঞাৰ দলৰে কিয় মত নিমিলে অৰূপ বৰবৰাৰ: ই টিভি এক্সক্লুছিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.