ETV Bharat / state

ছাত্ৰবৃত্তিৰ ধন আত্মসাতৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে

author img

By

Published : Aug 19, 2020, 3:15 PM IST

সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে গোৱালপাৰাৰ বলদমাৰী পিতবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মজিবুৰ ৰহমানৰ বিৰুদ্ধে ৷ । শিক্ষাৰ্থীৰ নামত আৱণ্টিত কেইবালাখ টকা আত্মসাতৰ অভিযোগ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে ৷

ছাত্ৰবৃত্তিৰ নামত অনিয়ম
ছাত্ৰবৃত্তিৰ নামত অনিয়ম

গোৱালপাৰা, 19 আগষ্ট: গোৱালপাৰাত সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামৰ অনিয়মৰ সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে বলদমাৰী পিতবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মজিবুৰ ৰহমানৰ বিৰুদ্ধে ৷ শিক্ষকগৰাকীয়ে শিক্ষাৰ্থীৰ নামত অহা কেইবালাখ টকা আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন কৰিলে একাংশ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে ৷ বিদ্যালয় খনৰ ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা মুঠ ২৩২ গৰাকী ৷ কিন্তু তিনিওটা শ্ৰেণীৰ মুঠ ৪৯ গৰাকী শিক্ষাৰ্থী নামতহে ছাত্ৰবৃত্তি অহাৰ কথা প্ৰকাশ কৰে ছাত্ৰ-ছাত্ৰীৰ লগতে তেওঁলোকৰ অভিভাৱক সকলে ৷

ছাত্ৰবৃত্তিৰ নামত অনিয়মৰ অভিযোগ এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে

আনহাতে প্ৰধান শিক্ষক গৰাকীয়ে উল্লেখ কৰা অনুসৰি বৰ্তমানলৈ কেৱল ৪০ গৰাকী শিক্ষাৰ্থীৰ নামতহে আহিছে ছাত্ৰবৃত্তি ৷ প্ৰতিগৰাকী শিক্ষৰ্থীৰ নামত চৰকাৰে 10 হাজাৰ 7 শ টকা প্ৰদান কৰিছে ৷ কিন্তু বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকে শিক্ষাৰ্থীক 7 হাজাৰহে টকা অহা বুলি কোৱাত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল ক্ষোভিত হৈ পৰে ৷ ইপিনে প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ বৃত্তিৰ পাছবুক একাউণ্ট খোলাৰ নামতো 100-200 টকাকৈ সংগ্ৰহৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইয়াৰ বিপৰীয়ে আজি পৰ্যন্ত ছাত্ৰ-ছাত্ৰী সকলে কোনো ধৰণৰ একাউণ্ট তেওঁলোকে এতিয়ালৈ পোৱা নাই বুলি উল্লেখ কৰে ৷ এই সমগ্ৰ বিষয়ক লৈ সম্প্ৰতি এক তদন্ত বিচাৰিছে উৰ্ধতম কৰ্তৃপক্ষৰ ওচৰত ৷

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাই মোক পিছফালৰ পৰা চুৰি মাৰিলেঃ তৰুণ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.