ETV Bharat / state

পৰিস্থিতিৰ বুজ ল'বলৈ গোৱালপাৰাত মন্ত্ৰী ফণীভূষণ চৌধুৰী

author img

By

Published : Apr 4, 2020, 9:03 PM IST

শনিবাৰে সমসাময়িক পৰিস্থিতিৰ বুজ ল'বলৈ গোৱালপাৰাত উপস্থিত হয় খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী । গোৱালপাৰা জিলাৰ তিনিওগৰাকী কভিড-১৯ আক্ৰান্ত ৰোগী বৰ্তমান সুস্থ বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ।

minister phanibhushan choudhury visited goalpara

গোৱালপাৰা, 4 এপ্ৰিলঃ গোৱালপাৰাত কৰ'ণাত আক্ৰান্ত ৰোগীৰ খবৰ লবলৈ উপস্থিত খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী । বঙাইগাঁও, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলাৰ দায়িত্বত থকা মন্ত্ৰী চৌধুৰীয়ে কভিড-১৯ ৰোগ সন্দৰ্ভত বুজ লৈ, তিনিওগৰাকী ৰোগী বৰ্তমান সুস্থ থকা বুলি উল্লেখ কৰে । খাদ্য সামগ্ৰী পৰ্যাপ্ত পৰিমাণে মজুত ৰখা আৰু ব্যৱসায়ীসকলে যাতে অধিক মূল্য ল'ব নোৱাৰে সেই বিষয়ে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা বুলি কয় মন্ত্ৰী গৰাকীয়ে । লগতে এই ৰোগ যাতে জিলাখনত তিনিজনৰ মাজতে আবদ্ধ থাকে বুলি মন্তব্য কৰি, সকলোকে সজাগতা আৰু সাৱধানতা অবলম্বনৰ আহ্বান জনায় । ইয়াৰোপৰি গোৱালপাৰা জিলাত কভিড-19ত আক্ৰান্ত ৰোগীৰ বাবে পৰ্যাপ্ত ব্যৱস্থা স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে ফণীভুষণ চৌধুৰীয়ে ।

সমসাময়িক পৰিস্থিতিৰ বুজ ল'বলৈ গোৱালপাৰাত উপস্থিত মন্ত্ৰী ফণীভূষণ চৌধুৰী

লগতে পঢ়কঃ কোভিড-19 : ঘৰতে প্ৰস্তুত কৰা মাস্ক পিন্ধিবলৈ নিৰ্দেশনা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.