ETV Bharat / state

Central Minister visits to Goalpara: গোৱালপাৰা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী ডাঃ ভাৰতী প্ৰবীণ পাৱাৰৰ

author img

By

Published : Feb 24, 2023, 8:41 AM IST

গোৱালপাৰাত কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ভাৰতী প্ৰবীণ পাৱাৰ (Dr Bharati Pravin Pawar) ৷ গোৱালপাৰা অসামৰিক চিকিৎসালয় পৰিদৰ্শন মন্ত্ৰীগৰাকীৰ ৷ চিকিৎসালয়খনৰ চৌহদ পৰিষ্কাৰ কৰি ৰাখিবলৈ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ ৷

Central Minister visits to Goalpara
গোৱালপাৰা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী ডাঃ ভাৰতী প্ৰবীণ পাৱাৰৰ

গোৱালপাৰা, 24 ফেব্ৰুৱাৰী: গোৱালপাৰাত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী ডাঃ ভাৰতী প্ৰবীণ পাৱাৰ (Dr Bharati Pravin Pawar) ৷ বৃহস্পতিবাৰে গোৱালপাৰাত উপস্থিত হৈ গোৱালপাৰা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷ চিকিৎসালয়খন পৰিদৰ্শন কৰি চৌহদ অপৰিষ্কাৰ হোৱাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক এক প্ৰকাৰৰ ধমক দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

বৃহস্পতিবাৰে পুৱা 9 বজাত গোৱালপাৰাত উপস্থিত হোৱাৰ পাচতেই পোনে পোনেই 200 খন বিচনাযুক্ত গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ অপিডি, প্ৰসূতি বিভাগ, আইলেশ্যন কক্ষ, ঔষধ বিভাগ আদি পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷ আটাইকেইটা বিভাগৰ পৰিস্থিতি আৰু অভাৱ-অভিযোগৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে প্ৰসূতি বিভাগত নাটনি হৈ থকা বিছনাৰ ব্যৱস্থা শীঘ্ৰেই কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ৷ লগতে প্ৰসূতি আৰু কেঁচুৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবেও সংশিষ্ট বিভাগক নিৰ্দেশনা দিয়ে (Central minister Bharati Pawar visited Goalpara) ৷

ইফালে, অসামৰিক চিকিৎসালয়ৰ চৌহদ অপৰিষ্কাৰ হৈ থকা বাবে অসন্তুষ্ট হৈ পৰে কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকী ৷ যাৰ বাবে জিলা উপায়ুক্ত খনিন্দ্ৰ চৌধুৰীক এক প্ৰকাৰৰ ধমক দি এনে অস্বাস্থ্যকৰ পৰিৱেশত কিয় ৰোগীক ৰাখিছে বুলি জবাবদিহি কৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে কঠোৰ নিৰ্দেশ দিয়ে (Goalpara Civil Hospital) ৷ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, চিকিৎসালয় পৰিষ্কাৰ কৰি ৰাখিবলৈ যিহেতু চৰকাৰে প্ৰতিখন চিকিৎসালয়লৈ যথেষ্ট পৰিমাণ পুঁজি আৱণ্টন দিয়ে ,গতিকে পৰিষ্কাৰ কৰি ৰখাটো অতি প্ৰয়োজনীয় ৷

গোৱালপাৰা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰাৰ পাচতেই কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকী উপস্থিত হয় গোৱালপাৰা জিলাৰ চামাগুৰিত ৷ চামাগুৰীত উপস্থিত হৈ জল জীৱন মিছনৰ (Jal Jeevan Mission) এক আঁচনি উদ্ধোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷ আঁচনি উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘993 হাজাৰ কোটি টকা ব্যয় সাপেক্ষে জল জীৱন মিছনৰ আধাৰত আৰম্ভ কৰা ‘হৰ ঘৰ নল, হৰ ঘৰ জল’ আঁচনিৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী লোকে বিশুদ্ধ খোৱা পানী লাভ কৰিব ৷’’

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশনা অনুসৰি জিলা পৰ্যায়ত চিকিৎসালয়সমূহ কি দৰে চলি আছে সেয়া পৰ্যবেক্ষণ কৰিবৰ বাবে গোৱালপাৰাত উপস্থিত হোৱা বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে, জনসাধাৰণৰ মাজলৈ জনসাধৰণৰ স্বাৰ্থত গ্ৰহণ কৰা আঁচনিসমূহ লৈ যোৱাতোৱেই চৰকাৰৰ মূল উদ্দেশ্য বুলিও মন্তব্য কৰে কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী ডাঃ ভাৰতী প্ৰবীণ পাৱাৰে (Minister of State for Health and Family Welfare) ৷

লগতে পঢ়ক: MP Pradan Baruah Press meet: ৰাজ্যৰ ৰে’লসেৱাত বৈদ্যুতিক ৰে’লৰ সংযোজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.