ETV Bharat / state

গোৱালপাৰাত দিব্যাংগ শিশুক সা-সঁজুলি বিতৰণ শিবিৰ

author img

By

Published : Mar 5, 2021, 10:20 AM IST

গোৱালপাৰাত দিনজোৰা কাৰ্যসূচীৰে দিব্যাংগ শিশুৰ চিনাক্ত আৰু প্ৰয়োজনীয় সা-সঁজুলি বিতৰণ শিবিৰ আয়োজন ৷ শিবিৰত মুঠ 50 জন মস্তিস্কৰ পক্ষাঘাত (চেৰিব্ৰেল পালচি) ত আক্ৰান্ত শিশু আৰু শতাধিক অভিভাৱকৰ অংশগ্ৰহণ ৷ 40 জন শিশুৰ মাজত ট্ৰাই চাইকেল, হুইল চেয়াৰ বিতৰণ ৷

medical assessment camp for differently abled children at goalpara

গোৱালপাৰা, 5 মাৰ্চ: গোৱালপাৰা জিলাৰ লক্ষীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ অন্তৰ্গত ৰামকৃষ্ণ মিচন বিদ্যালয়ত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে এক দিব্যাংগ শিশুৰ চিনাক্ত আৰু প্ৰয়োজনীয় সা-সঁজুলি বিতৰণ শিবিৰ অনুষ্ঠিত হয় ৷ গোৱালপাৰা জিলাৰ সৰ্বশিক্ষাৰ আই ই বিভাগৰ জিলা আঁচনি বিষয়া ৰহিমা খাতুনে সৰ্বশিক্ষাৰ সমন্বিত শিক্ষা বিভাগৰ উদ্যোগত হোৱা শিবিৰটো মুকলি কৰে ৷

চল্লিশ গৰাকী শিশুৰ মাজত ট্ৰাই চাইকেল, হুইল চেয়াৰ বিতৰণ

এই দিব্যাংগ চিনাক্তকৰণ শিবিৰত মুঠ 50 জন মস্তিস্কৰ পক্ষাঘাত (চেৰিব্ৰেল পালচি) ত আক্ৰান্ত শিশু আৰু শতাধিক অভিভাৱকে অংশগ্ৰহণ কৰে ৷ লক্ষীপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনত শতাধিক মস্তিস্কৰ পক্ষাঘাতত আক্ৰান্ত শিশু আছে যদিও ইয়াৰে 50 জনক আই ই বিভাগে শিবিৰলৈ আমন্ত্ৰণ জনাইছিল ৷ এলিমকোৰ পৰা অহা ডাঃ মহিত ভামানিয়াই এই শিশু সকলক স্বাস্থ্য নিৰীক্ষণ (চিনাক্তকৰণ) কৰে ৷ ডাঃ ভামানিয়াই 40 জন শিশুক (6 ৰ পৰা 14 বছৰ বয়সৰ) চেৰিব্ৰেল পালচি আৰু শাৰিৰীক ভাবে অক্ষম হিচাপে চিনাক্তকৰণ কৰি শিশু সকলক ট্ৰাই চাইকেল, হুইল চেয়াৰ ইত্যাদি যোগান ধৰাৰ ব্যৱস্থা কৰে ৷

শিবিৰৰ অন্তত জিলা আঁচনি বিষয়া ৰহিমা খাতুনে প্ৰয়োজনীয় সঁজুলি সমূহ সঠিকভাৱে ব্যৱহাৰ কৰাৰ লগতে প্ৰত্যেক গৰাকী চেৰিব্ৰেল পালচি শিশুক নিতৌ পুৱা আৰু গধুলি শাৰীৰিক অনুশীলন কৰাৰ বাবে অভিভাৱক সকলোক আহ্বান জনায় । সমল ব্যক্তি ছফিয়ৰ ৰহমান, আয়নাৰ হক, চুলতান আলী, মতিউৰ ৰহমান, হৰমুজ আলী, হৰমোহন নাথ, নুৰজাহান, ফিৰদৌচ আদিয়ে শিবিৰটো সুচাৰু ৰূপে পৰিচালনা কৰে ৷

লগতে পঢ়ক: নিৰ্বাচনৰ সন্দৰ্ভত গোৱালপাৰা জিলা উপায়ুক্তৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.