গোৱালপাৰা,19 মাৰ্চ : নগৰবেৰাত এগৰাকী ফেৰীৱালাক বাংলাদেশীৰ নামত প্ৰহাৰ এজনউদণ্ড যুৱকৰ । দল-সংগঠনৰ সহযোগত দেবজিত ওৰফে বালাক আটক আৰক্ষীৰ ৷ ভুক্তভোগী ফেৰীৱালাজন ধুবুৰীৰ শালমাৰাৰ বাসিন্দা ।
নগৰবেৰাৰ মালঞ্চাত সোমবাৰে সংঘটিত হয় এই ঘটনা । ধুবুৰীৰ শালমাৰাৰ এগৰাকী ফেৰীৱালাক ৰাজপথত বাংলাদেশীৰ নামত অকথ্য নিৰ্যাতন চলায় নগৰবেৰাৰ মণ্ডলপাৰাৰ দেবজিত ওৰফে বালা নামৰ যুৱকজনে ৷ উল্লেখ্য যে ধুবুৰী জিলাৰ শালমাৰাৰ ৰকমত আলী নামৰ এই ফেৰীৱালাজনক নগৰবেৰাৰ মালঞ্চাত ৰাজপথত বাট আগচি বিভিন্ন অশ্লীল গালি গালাজ দিয়াৰ লগতে বাংলাদেশী বুলি প্ৰহাৰকৰে যুৱকজনে ।
সেইসময়তে ঘটনাটো প্ৰত্যক্ষ কৰি ফেৰীৱালাজনক উদণ্ড যুৱকজনৰ হাতৰ পৰা ৰক্ষা কৰে পথচাৰীয়ে । এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগেই যুৱকজনক আৰক্ষীৰ সহযোগত নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা আটক কৰে নগৰবেৰাৰ একাংশ দল-সংগঠন আৰু সচেতন ব্যক্তিয়ে । সম্প্ৰতি নগৰবেৰা আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত যুৱকজন । এই ঘটনাক সচেতন মহলে গৰিহনা দিয়াৰ লগতে দোষীক উচিত শাস্তিৰ দাবী তুলিছে স্থানীয় ৰাইজে ।