ETV Bharat / state

পশ্চিম গোৱালপাৰাৰ পথাৰত ব্যস্ততা নাই হালোৱা-ৰোৱনীৰ - নাৰাঙ্গাবাৰী আঁচনি

খৰাং বতৰৰ বাবে উদং হৈ পৰি ৰৈছে পশ্চিম গোৱালপাৰাৰ বহু পথাৰ, অঞ্চলটোত জলসিঞ্চনৰ আঁচনি আছে যদিও বিকল হৈ পৰি ৰৈছে আঁচনিসমূহ । যাৰ বাবে খেতিৰ পৰা বিৰত থাকিবলগীয়া হৈছে খেতিয়কসকলে

পশ্চিম গোৱালপাৰাৰ পথাৰত ব্যস্ততা নাই হালোৱা-ৰোৱনীৰ
author img

By

Published : Jun 21, 2019, 8:55 PM IST

গোৱালপাৰা,২১জুন : এয়া আহাৰ মাহ । পথাৰে-পথাৰে ব্যস্ত হৈ পৰিছে হালোৱা-ৰোৱনী । কিন্তু পশ্চিম গোৱালপাৰাৰ পথাৰত খেতিয়কসকলৰ নাই কোনো ব্যস্ততা ।

পশ্চিম গোৱালপাৰাৰ পথাৰত ব্যস্ততা নাই হালোৱা-ৰোৱনীৰ

খৰাং বতৰে এতিয়া অন্ধকাৰ নমাই আনিছে পশ্চিম গোৱালপাৰাৰ কৃষকসকলৰ জীৱনলৈ । আহাৰ মাহতো খেতিত ব্যস্ত হ'ব পৰা নাই কৃষকসকল । পথাৰত নাই পানী, যাৰ বাবে উদং হৈ ৰৈছে পশ্চিম গোৱালপাৰাৰ বহু পথাৰ । বিজ্ঞানৰ উত্তৰণৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি চৰকাৰী জলসিঞ্চন বিভাগে অঞ্চলটোত নিৰ্মাণ কৰি উলিয়াইছিল কেবাখনো অভিলাষী আঁচনি । কিন্তু কাৰ্যত তাৰ পৰা উপকৃত নহল কৃষকসকল । পশ্চিম গোৱালপাৰাৰ বগুৱানত আছে দুখনকৈ জলসিঞ্চন আঁচনি। এখন ১ নং বগুৱান জলসিঞ্চন আঁচনি আৰু আনখন নাৰাঙ্গাবাৰী গভীৰ নলী নাদ আঁচনি । দুয়োখন আঁচনি এতিয়া অচল অৱস্থাত । এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগটোৱে । ফলত জীৱন নিৰ্বাহৰ একমাত্ৰ পথ খেতিডৰাত ব্যস্ত হ'বলৈ আকাশলৈ চাই থাকিব লগীয়া হৈছে কৃষকসকল । শীঘ্ৰে জলসিঞ্চন প্ৰকল্প কেইটা উন্নয়নৰ বাবে দাবী কৃষকসকলৰ ।

Intro: আহাৰ মাহতো খেতি পথাৰত ব্যস্ততা নাই কৃষকৰ। এতিয়ালৈ খেতি পথাৰত হাল বাব পৰা নাই কৃষক। খৰাঙ বতৰে অন্ধকাৰ নমাই আনিছে কৃষকৰ।
জলসিঞ্চন প্ৰকল্প থকাৰ পিছতো আকাশলৈ চাই দিন পাৰ কৰিছে কৃষকে। Body: পশ্চিম গোৱালপাৰাৰ খেতি পথাৰত নাই কৃষক। আহাৰ মাহতো খেতি পথাৰত মাটি চহাব পৰা নাই কৃষক। খৰাঙ বতৰে অমানিশা নমাই আনিছে কৃষকলৈ। খেতি পথাৰত নাই পানী। এনেদৰে আৰু কেইটামান দিন বৰষুণ নহলে খেতি পথাৰত মেলিব চিৰাল ফাট।
বিজ্ঞানৰ উত্তৰণৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি চৰকাৰী জলসিঞ্চন বিভাগে নিৰ্মাণ কৰি উলিয়াইছিল কেবাখনো অভিলাষী আঁচনি। কিন্তু কাৰ্যতঃ তাৰ পৰা উপকৃত নহল কৃষক।
পশ্চিম গোৱালপাৰাৰ বগুৱানত আছে দুখনকৈ জলসিঞ্চন আঁচনি।এখন ১ নং বগুৱান জলসিঞ্চন আঁচনি আৰু আনখন নাৰাঙ্গাবাৰী গভীৰ নলী নাদ আঁচনি। দুয়োখন আঁচনি এতিয়া ধোৱা চাঙত।
বাৰম্বাৰ বিভাগক জনোৱাৰ পিছতো নললে কোনো ধৰণৰ উন্নয়নৰ ব্যৱস্থা । ফলত এতিয়া বাৰিষাৰ একমাত্ৰ খেতি খিনি কৰিবলৈ আকাশলৈ চাই থাকিব লগা অৱস্থা ৰ সৃষ্টি হৈছে কৃষকৰ। Conclusion: শীঘ্ৰে জলসিঞ্চন প্ৰকল্প কেইটা উন্নয়নৰ বাবে দাবী জনাইছে কৃষকে।
বেদীশ নাথ
পশ্চিম গোৱালপাৰা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.