ETV Bharat / state

চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ অনিয়মীয়া উপস্থিতি - ডাঃ ফজলুল কৰিম

পশ্চিম গোৱালপাৰাৰ বগুৱান ৰাজ্যিক চিকিৎসালয়ত চিকিৎসকৰ অনিয়মীয়া উপস্থিতি ৷ পুৱা দহ-এঘাৰ বজালৈকে উপস্থিত নহয় কৰ্মৰত চিকিৎসক ৷

বগুৱান ৰাজ্যিক চিকিৎসালয়
author img

By

Published : Jul 1, 2019, 2:21 PM IST

পশ্চিম গোৱালপাৰা,১ জুলাই : পশ্চিম গোৱালপাৰাৰ বগুৱান ৰাজ্যিক চিকিৎসালয়ত চিকিৎসকৰ অনিয়মীয়া উপস্থিতিৰ ফলত সমস্যাৰ সন্মুখীন হৈছে শ শ ৰোগী ৷ পুৱা দহ-এঘাৰ বজালৈকে কৰ্মৰত চিকিৎসক ডাঃ ফজলুল কৰিম উপস্থিত নোহোৱাত বোন্দাপৰ দি ৰৈ থাকিব লগা হ'ল ৰোগী সকল ৷

বগুৱান ৰাজ্যিক চিকিৎসালয়ত চিকিৎসকৰ অনিয়মীয়া উপস্থিতি

উল্লেখ্য যে,দীৰ্ঘদিন ধৰি চিকিৎসক গৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ অহাৰ বাবে সোমবাৰে বগুৱান গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্ৰীমতী দেৱীয়ে পুৱা ন বজাত চিকিৎসালয়ত উপস্থিত হয়। কিন্তু দহ বজালৈকে চিকিৎসক গৰাকী উপস্থিত নহ'ল ৷ এই সংক্ৰান্তত উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ সভানেত্ৰীৰ লগতে স্থানীয় ৰাইজে উৰ্ধতন কতৃপক্ষক দাবী জনাইছে। বৃহত্তৰ বগুৱানৰ লগতে ওচৰ চুবুৰীয়া অঞ্চলৰ একমাত্ৰ চিকিৎসালয় খনত এনেধৰণৰ অৰাজকতা চলি থকাৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।

Intro:পশ্চিম গোৱালপাৰা : ১ জুলাই : পশ্চিম গোৱালপাৰাৰ বগুৱান ৰাজ্যিক চিকিৎসালয়ত চিকিৎসকৰ অনিয়মীয়া উপস্থিতি।পূৱা দহ - এঘাৰ বজাত উপস্থিত চিকিৎসক । শ শ ৰোগীয়ে ভিৰ কৰা চিকিৎসালয় খনত আজি সৃষ্টি হয় এক আহুকালৰ। Body: চিকিৎসালয় চৌহদত ভৰি পৰিছে ৰোগী।
প্ৰতি গৰাকী ৰোগী ৰৈ আছে চিকিৎসকৰ বাবে।পূৱা ন বজাৰ পৰা বোন্দাপৰ ৰোগীৰ।কাৰণ চিকিৎসালয়ত কৰ্মৰত চিকিৎসক ডাঃ ফজলুল কৰিম সময় মতে উপস্থিত নাথাকে চিকিৎসালয়ত ।কাজেই এনে উৎকট গৰমত ৰোগীৰ এই ভিৰ। দীৰ্ঘদিন ধৰি এই গৰাকী চিকিৎসকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈ আহিছিল। ফলত আজি বগুৱান গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্ৰীমতী দেৱীয়ে পূৱা ন বজাতে উপস্থিত হয় চিকিৎসালয়ত ।পূৱা দহ বজালৈ চিকিৎসক উপস্থিত নথকাত উৰ্ধতন কতৃপক্ষক অৱগত কৰে। অৱশ্যে দহ বাজি যোৱাৰ পিছতহে চিকিৎসক ডাঃ ফজলুল কৰিম উপস্থিত হয়। এই সংক্ৰান্তত উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ সভানেত্ৰী ৰ লগতে স্থানীয় ৰাইজে উৰ্ধতন কতৃপক্ষক দাবী জনায়। Conclusion: বৃহত্তৰ বগুৱানৰ লগতে ওচৰ চুবুৰীয়া অঞ্চলৰ একমাত্ৰ চিকিৎসালয় খনত চলা এনে অৰাজকতাৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলনৰ ভাবুকি প্ৰদান কৰে স্থানীয় ৰাইজে।
বেদীশ নাথ
পশ্চিম গোৱালপাৰা ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.