ETV Bharat / state

ভয়াৱহ ক’ভিড পৰিস্থিতিৰ মাজতো স্বাস্থ্য কেন্দ্ৰত অনিয়মৰ অভিযোগ

author img

By

Published : Aug 7, 2021, 2:26 PM IST

গোৱালপাৰা জিলাৰ সিমামূৰীয়া অঞ্চল তথা বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তত থকা কদমতোলা ছয়সিমানা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে ব্যাপক অনিয়ম ৷ ৰাইজৰ অভিযোগ মতে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত চৰকাৰী ডাক্টৰ নাৰ্ছ থকা সত্বেও উপস্থিত নাথাকে স্বাস্থ্য কেন্দ্ৰটোত।

Irregularities continue at a health centre in goalpara etv bharat assam news
অনিয়ম অব্যাহত আছে এটা স্বাস্থ্য কেন্দ্ৰত

গোৱালপাৰা, 7 জুলাই : ভয়াৱহ ক’ভিড মহামাৰীৰ সময়ত দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বাস্থ্যকৰ্মী সকলে দিনে নিশাই ৰোগীক চিকিৎসা আগবঢ়াই থকাৰ মাজতে বৰপেটাৰ এটা স্বাস্থ্য কেন্দ্ৰত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ গোৱালপাৰা জিলাৰ সিমামূৰীয়া অঞ্চল তথা বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তত থকা কদমতোলা ছয়সিমানা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

অভিযোগ অনুসৰি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নীতি নিয়ম বান্ধি দিলেও একাংশ চৰকাৰী কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ নামানে বুলি অভিযোগ উত্থাপিত হৈ আহিছে ৷ ৰাইজৰ অভিযোগ মতে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত চৰকাৰী ডাক্টৰ নাৰ্ছ থকা আছে যদিও স্বাস্থ্য কেন্দ্ৰটোত কোনো উপস্থিত নাথাকে । ফলত বৃহত্তৰ চৰাঞ্চলৰ লোকে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ চিকিৎসাৰ বাবে যাব লগা হয় গোৱালপাৰালৈ ।

স্থানীয় ৰাইজৰ অভিযোগ, মাহেকত দুবাৰ আহি কৰ্তব্য সমাপন কৰি ঘৰত বহিয়ে চৰকাৰী দৰমহা আদায় কৰি আছে স্বাস্থ্যকৰ্মীসকলে । উল্লেখ্য যে, স্বাস্থ্য কেন্দ্ৰটোত পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা থকা সত্বেও ডাক্টৰ নাৰ্ছ নহাৰ ফলত গৰু গোহালিত পৰিণত হৈছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ৷

এনেসমূহ ঘটনা পোহৰলৈ অহাৰ পাচতে এই ভয়াৱহ পৰিস্থিতিৰ পাচতো কিয় কোনো কোনো অঞ্চলত এনেধৰনৰ কাৰ্য সংঘটিত হৈছে সেইয়া এক চিন্তনীয় বিষয় হৈ পৰিছে ৷ এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে কি ব্যৱস্থা ল’ব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানক ড্ৰোণ ব্যৱহাৰৰ অনুমতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.