ETV Bharat / state

নৱবৰ্ষৰ প্ৰৰম্ভণিতে গোৱালপাৰাৰ গৰুচটকাত ৰাইজৰ উল্লাহ - নৱবৰ্ষৰ আৰম্ভণিতে ব্যতিক্ৰমী আয়োজন

ব্যতিক্ৰমী ধৰণেৰে নৱবৰ্ষৰ আনন্দ লৈছে গোৱালপাৰাৰ গৰুচটকা বাসীয়ে ৷

গৰুচটকাত ৰাইজৰ উল্লাহ
গৰুচটকাত ৰাইজৰ উল্লাহ
author img

By

Published : Jan 2, 2020, 3:18 PM IST

গোৱালপাৰা, 2 জানুৱাৰীঃ গোৱালপাৰাৰ গৰুচটকাত নৱবৰ্ষৰ আৰম্ভণিতে ব্যতিক্ৰমী আয়োজন ৷ থলুৱাভাৱে ৰাইজে আয়োজন কৰিলে ঘোঁৰা দৌৰ প্ৰতিযোগিতা ৷ ৰাইজৰ হৰ্ষোল্লাস আৰু হাতচাপৰিৰ মাজত পুনৰোজ্জীৱিত হৈছে ৰজা দিনীয়া পৰম্পৰাগত খেলটো ৷ ক্ষণিকৰ বাবে হ'লেও যেন আনন্দ উচাহত ডুব গ'ল অঞ্চলটো ৷

নৱবৰ্ষৰ আৰম্ভণিতে ব্যতিক্ৰমী আয়োজন গোৱালপাৰাৰ গৰুচটকা বাসীৰ

লগতে পঢ়ক: আমগুৰিত ভোগালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি

গোৱালপাৰা, 2 জানুৱাৰীঃ গোৱালপাৰাৰ গৰুচটকাত নৱবৰ্ষৰ আৰম্ভণিতে ব্যতিক্ৰমী আয়োজন ৷ থলুৱাভাৱে ৰাইজে আয়োজন কৰিলে ঘোঁৰা দৌৰ প্ৰতিযোগিতা ৷ ৰাইজৰ হৰ্ষোল্লাস আৰু হাতচাপৰিৰ মাজত পুনৰোজ্জীৱিত হৈছে ৰজা দিনীয়া পৰম্পৰাগত খেলটো ৷ ক্ষণিকৰ বাবে হ'লেও যেন আনন্দ উচাহত ডুব গ'ল অঞ্চলটো ৷

নৱবৰ্ষৰ আৰম্ভণিতে ব্যতিক্ৰমী আয়োজন গোৱালপাৰাৰ গৰুচটকা বাসীৰ

লগতে পঢ়ক: আমগুৰিত ভোগালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি

Intro:
Anchor : নৱবৰ্ষৰ প্ৰথম দিনটোতে গোৱালপাৰা জিলাৰ গৰুচটকাত নাই কোনো বনভোজৰ আনন্দ। ইয়াৰ বিপৰীতে অঞ্চলটোৰ ধাননি পথাৰত দেখা গল ব্যতিক্ৰমী দৃশ্য। কেৱল এয়াই নহয়, পথাৰৰ পৰাই কা বাতিলৰ দাবী ৰাইজৰ। চাওক আমাৰ এক ৰিপৰ্ট ।Body:as_gol_02jan_801_ new_year_horse_riding_no_CAA_vis+byte_7203844.

Anchor : নৱবৰ্ষৰ প্ৰথম দিনটোতে গোৱালপাৰা জিলাৰ গৰুচটকাত নাই কোনো বনভোজৰ আনন্দ। ইয়াৰ বিপৰীতে অঞ্চলটোৰ ধাননি পথাৰত দেখা গল ব্যতিক্ৰমী দৃশ্য। কেৱল এয়াই নহয়, পথাৰৰ পৰাই কা বাতিলৰ দাবী ৰাইজৰ। চাওক আমাৰ এক ৰিপৰ্ট ।

V. O : নৱবৰ্ষ মানেই যেন আনন্দ ফূৰ্তি। কিন্তু নাগৰিকত্ব সংশোধনী আইনে নৱবৰ্ষৰ আনন্দক ম্লান কৰি পেলাইছে। নৱবৰ্ষৰ প্ৰথম দিনটোত ৰাজ্যৰ বহু অঞ্চলত নাই বনভোজৰ উছাহ। বিভিন্ন জনে বিভিন্ন ধৰনে পালিছে নৱবৰ্ষক। এয়া গোৱালপাৰাৰ গৰুচটকা পথাৰৰ দৃশ্য। ধানৰ নৰাৰ মাজত অইন বছৰৰ দৰে এই বেলি নাই গাৱলীয়া বনভোজৰ দৃশ্য। ইয়াৰ বিপৰীতে পথাৰখনত দৌৰিছে কেইটামান ঘোঁৰাই। ১৫ টা ঘোঁৰাৰ মাজত চলিছে তীব্ৰ প্ৰতিদ্বন্দিতা। কোনে কাক পিছ পেলাব পাৰে। ৰাইজৰ হৰ্ষোল্লাস আৰু হাত চাপৰিৰ মাজত ছোৱালীয়ে দৌৰাইছে ঘোঁৰা। অতি পুৰণি ৰজা দিনীয়া খেল বিধ আজি বিলুপ্তিৰ পথত যদিও পৰম্পৰাগত ঘোঁৰা খেলক জীয়াই ৰখাৰো চেষ্টা কৰিছে গৰুচটকা বাসীয়ে। ক্ষনিকৰ বাবে হলেও যেন আনন্দ উছাহত ডুব গল অঞ্চলটো।

V. O : ইপিনে খেল পথাৰৰ পৰাই জাতীধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা কৰিলে ৰাইজে। বিল খনৰ যোগেদি অহা বিদেশীৰ আগ্ৰাসনত অসমৰ জাতি জনগোষ্ঠীৰ সম্প্ৰীতি, মাটি বাৰী, ভাষা সংস্কৃতি সকলো নিঃশেষ হব। সেয়ে সৰ্বানন্দ সোনোৱালৰ প্ৰতি গৰুচটকা বাসীৰ অনুৰোধ কা বাতিল কৰক। গৰুচটকা বাসীৰ এই ব্যতিক্ৰমী প্ৰচেষ্টা কিমান কামত দিব সেয়া হব লক্ষনীয়।

Byte : ১,২ আয়োজক ।

গোৱালপাৰা পৰা জাহিদুল ইছলাম,ই টি ভি ভাৰত অসম।Conclusion:Byte : ১,২ আয়োজক ।

গোৱালপাৰা পৰা জাহিদুল ইছলাম,ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.