ETV Bharat / state

অসম চৰকাৰৰ স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত জলেশ্বৰৰ শতাধিক ৰাইজ - স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা

চাৰিটা বছৰে চৰকাৰে বানপানীৰ কোবাল সোতে উটুৱাই নিয়া আইৰকাটা বজাৰৰ নদীকাষৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ বাবে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷ অভিযোগ মতে স্বাস্থ্য কেন্দ্ৰটোৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় বিষয়াৰ লগতে স্থানীয় বিধায়ক, সাংসদক বহুবাৰ অৱগত কৰি আহিছে যদিও আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷

Health department not working at Jaleswar
জলেশ্বৰত অসম চৰকাৰৰ স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত শতাধিক ৰাইজ
author img

By

Published : Sep 17, 2020, 2:02 PM IST

গোৱালপাৰা, 17 ছেপ্তেম্বৰ: গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত আইৰকাটাত বিজেপি চৰকাৰৰ শাসনকালৰ উন্নয়নৰ এক নমুনা ৷ চাৰিটা বছৰেও কোনো ব্যৱস্থা নহ'ল বানপানীৰ কোবাল সোঁতে উটুৱাই নিয়া আইৰকাটা বজাৰৰ নদীকাষৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ ৷ যাৰবাবে দীৰ্ধদিনে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আহিছে আইৰকাটাবাসী ৰাইজ ৷ বৰ্তমান স্বাস্থ্য কেন্দ্ৰটো আইৰকাটা বজাৰৰ এখন ব্যক্তিগত ফাৰ্মাছিৰ এটা কোঠালিত মাহেকীয়া 1200 টকা ভাৰাত লৈ কাম চলাই আছে কৰ্মীসকলে ৷ এই লৈ কোনো গুৰুত্ব নাই ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ৷

জলেশ্বৰত অসম চৰকাৰৰ স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত শতাধিক ৰাইজ

উল্লেখ্য যে, 2017 চনত প্ৰলয়ংকাৰী বানে উটুৱাই নিছিল আইৰকাটা বজাৰখনৰ লগতে আইৰকাটা নদীকাষৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ৷ কিন্তু পৰিতাপৰ বিষয় এইয়ে যে, আজিলৈকে স্বাস্থ্য কেন্দ্ৰটোৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অসমৰ প্ৰভাৱশালী স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ লগতে স্থানীয় জনপ্ৰতিনিধিয়ে ৷ ৰাইজৰ অভিযোগ মতে স্বাস্থ্য কেন্দ্ৰটোৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় বিষয়াৰ লগতে স্থানীয় বিধায়ক, সাংসদক বহুবাৰ অৱগত কৰিছিল যদিও আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷ এই ঘটনাই যেন প্ৰতিফলিত কৰিছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সাধাৰণ জনতাৰ প্ৰতি থকা দায়বদ্ধতা ৷

Health department not working at Jaleswar
জলেশ্বৰত অসম চৰকাৰৰ স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত শতাধিক ৰাইজ

লগতে পঢ়কঃ পিছুৱাই দিয়া হ'ল ভাৰত-চীন সীমান্তৰ ওলমা দলং উদঘাটনৰ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.