ETV Bharat / state

Junali Nath Murder Case: জোনালী নাথ হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীৰে উত্তাল গোৱালপাৰা

author img

By

Published : Jun 19, 2023, 6:50 PM IST

গোৱালপাৰাত হিন্দু মাতৃ সুৰক্ষা মঞ্চৰ প্ৰতিবাদ ৷ জোনালী নাথ হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীৰে উত্তাল গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ ৷ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ হিন্দু মাতৃ সুৰক্ষা মঞ্চৰ ৷

Junali Nath Murder Case
জোনালী নাথ হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীৰে উত্তাল গোৱালপাৰা

গোৱালপাৰা, 19 জুন : বৰ্তমানেও বিজেপি নেত্ৰী জোনালী নাথৰ হত্যা কাণ্ডৰ দোষীক শাস্তি প্ৰদানৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে ৷ সোমবাৰে গোৱালপাৰাৰ বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাৰী আৰু হিন্দু নাৰীৰ সুৰক্ষাৰ দাবীত জিলা হিন্দু মাতৃ সুৰক্ষা মঞ্চৰ সমদলে কঁপালে গোৱালপাৰাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ ৷ সোমবাৰে বাপুজী নগৰৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ পৰা উলিওৱা প্ৰতিবাদী সমদলটোৱে চহৰৰ ৰাজপথেৰে সমদল কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰে । হাতে হাতে প্লেকাৰ্ড আৰু বেনাৰ লৈ 'জোনালী নাথ হত্যাকাৰীক ফাঁচি দিয়ক, নাৰী জাতিক অপমান কৰা চি আই ডিৰ আই জি পিক শাস্তি দিয়ক' দাবী প্ৰতিবাদকাৰীসকলৰ ৷

ইফালে হিন্দু নাৰীক সুৰক্ষা দিয়ক,জীয়ৰী-বোৱাৰীসকলৰ সুৰক্ষা নিশ্চিত কৰক, আমাৰ দাবী নায্য দাবী 'আদি বিভিন্ন শ্ল'গানেৰে ৰাজপথ মুখৰিত কৰি তোলে প্ৰতিবাদকাৰীয়ে । হিন্দু মাতৃ সুৰক্ষা মঞ্চৰ সভানেত্ৰী ইন্দিৰা বৰ্মন আৰু সম্পাদিকা গায়ত্ৰী নেৱাৰে স্বাক্ষৰিত কৰা এখনি স্মাৰকপত্ৰ জিলা উপায়ুক্তক প্ৰদান কৰে । স্মাৰকপত্ৰখন জিলা উপায়ুক্তৰ হৈ অতিৰিক্ত জিলা উপায়ুক্ত মণিকংকনা দাসে গ্ৰহণ কৰে ।

হত্যাকাণ্ডৰ লগত জড়িতসকলক ফাঁচি দিয়া, জোনালী নাথৰ পৰিয়ালক এককালীন ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা,জোনালী নাথৰ নিকটতম আত্মীয়ক চৰকাৰী সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা, হত্যাকাণ্ডৰ লগত জেহাদী কাৰ্যকলাপৰ সম্পৰ্কৰ দিশ যদি আছে তদন্ত কৰা, মহাপৰিদৰ্শক দেৱৰাজ উপাধ্যায়ে জোনালী নাথৰ লগতে পৰিয়ালকো সামাজিকভাৱে যি হত্যা কৰিলে তাৰ বাবে মহাপৰিদৰ্শকৰ ওপৰত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে । প্ৰতিবাদৰ অন্তত জোনালী নাথৰ হত্যাকাৰীক ফাঁচী আৰু চিআইডিৰ আইজিপি দেৱৰাজ উপাধ্যায়ক শাস্তিৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে হিন্দু মাতৃ সুৰক্ষা মঞ্চই ।

লগতে পঢ়কঃHajo Ghy Road Block : প্ৰকাণ্ড গছ বাগৰি ব্যাহত হাজো গুৱাহাটী পথ, নিৰ্লিপ্ত ভূমিকাত প্ৰশাসন

etv play button

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.