ETV Bharat / state

Goalpara Sal Trees Issue : সাময়িকভাৱে বন্ধৰ নিৰ্দেশ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ শালগছ কটা কাৰ্য

author img

By

Published : Jul 13, 2023, 2:05 PM IST

অৱশেষত চৰকাৰে সাময়িকভাৱে বন্ধ কৰিলে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থকা কুমলীয়া শালগছ কটাটো । কৃষ্ণাই আঞ্চলিক বন বিভাগৰ অধীনস্থ বৰঝাৰ সংৰক্ষিত বনাঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত বন বিভাগে এফালৰ পৰা কাটি তহিলং কৰিছিল শালগছ ।

Goalpara Sal Trees Issue
Goalpara Sal Trees Issue

গোৱালপাৰা, ১৩ জুলাই : বিভিন্ন বাদ-বিবাদ তথা প্ৰতিবাদ আৰু সমালোচনাৰ অন্তত অৱশেষত যেন সম্বিত ঘূৰাই পালে চৰকাৰ তথা বন বিভাগে । যাৰ বাবে চৰকাৰে সাময়িকভাৱে বন্ধ কৰি দিলে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে থকা কুমলীয়া শালগছ কটাটো । উল্লেখ্য, ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত কৃষ্ণাই আঞ্চলিক বন বিভাগৰ অধীনস্থ বৰঝাৰ সংৰক্ষিত বনাঞ্চলত বন বিভাগে এফালৰ পৰা কাটি তহিলং কৰিছিল শালগছ । এই গছকটা কাৰ্যৰ প্ৰতিবাদত সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে বাতৰি পৰিবেশন কৰা হৈছিল ।

সংবাদ মাধ্যমত প্ৰকাশিত এই বাতৰিৰ পিছতেই যেন গা লৰিল বন বিভাগৰ । যাৰ বাবে অৱশেষত সময়িকভাৱে গছকটা বন্ধ কৰিবলৈ বাধ্য হ'ল চৰকাৰ । উল্লেখ্য যে গোৱালপাৰা জিলাৰ গোৱালপাৰা আঞ্চলিক বন বিভাগ, ৰংজুলি আঞ্চলিক বন বিভাগ আৰু কৃষ্ণাই আঞ্চলিক বন বিভাগৰ অধীনস্থ পঞ্চৰত্ন নৰনাৰায়ণ সেতুৰ পৰা শ'লমাৰীলৈ, ৰংজুলিৰ পৰা কুকুৰকটালৈ আৰু কৃষ্ণাইৰ পৰা ধূপধৰালৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত চৰকাৰে মুঠ ১৮ হেজাৰ গছকটা আৰম্ভ কৰিছিল ।

ইতিমধ্যে বন বিভাগে ঘাইপথ সম্প্ৰসাৰণৰ নামত প্ৰায় ৬ হেজাৰ গছ কাটি তহিলং কৰিছে । ইয়াৰে কৃষ্ণাই আঞ্চলিক বন বিভাগৰ কৃষ্ণাইৰ পৰা ধূপধৰালৈ যোৱা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থকা ৮,৮২১ জোপা গছ, গোৱালপাৰা আঞ্চলিক বন বিভাৰ অধীনস্থ পঞ্চৰত্ন নৰনাৰায়ণ সেতুৰ পৰা শ'লমাৰীলৈ ৪৪৪ জোপা গছ আৰু ৰংজুলি আঞ্চলিক বন বিভাগৰ অধীনস্থ ৰংজুলিৰ পৰা কুকুৰকাটালৈ ৮,৭২৬ জোপা গছ কটাৰ নিৰ্দেশ লাভ কৰিছিল বন বিভাগে । ইয়াৰে ইতিমধ্যে প্ৰায় ৬ হেজাৰ গছ কাটি ধ্বংস কৰিছে বন বিভাগে ।

ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত এনেদৰে বন ধ্বংস কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে বিভিন্ন দল-সংগঠনৰ লগতে প্ৰকৃতিপ্ৰেমী লোকসকলে । অৱশেষত বুধবাৰে গুৱাহাটীৰ মুখ্য বন সংৰক্ষক কাৰ্যালয়ৰ পৰা সাময়িকভাৱে গছকটা বন্ধ ৰাখিবলৈ নিৰ্দেশ লাভ কৰে বন বিভাগে । ফলত গোৱালপাৰা জিলা বন বিভাগে সময়িকভাৱে স্থগিত ৰাখিছে গছকটা কাৰ্য । ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত বন ধ্বংস কাৰ্যক বিভিন্ন দল-সংগঠনৰ লগতে প্ৰকৃতিপ্ৰেমীসকলে কেতিয়াও মানি নলয় বুলি জনাই দিছে । তাৰ পৰিপ্ৰেক্ষিততে সাময়িকভাৱে গছকটা বন্ধ কৰি দিয়াত উৎফুল্লিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল ।

লগতে পঢ়ক :Road Construction in Assam: পথ সম্প্ৰসাৰণৰ নামত গোৱালপাৰাত কটা হ’ব 7 হেজাৰ শালগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.