গোৱালপাৰা, 4 নৱেম্বৰঃ গোলৱালপাৰাত অব্যাহত লাডেন নামৰ উন্মাদ বন্য হস্তীটোৰ সন্ত্ৰাস ৷ নিশা হ'লেই বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীটোৰ সন্ত্ৰাসত আতংকিত হৈছে স্থানীয় ৰাইজ ৷ ইতিমধ্যে 5 জনকৈ লোকৰ মৃত্যু হৈছে লাডেন নামৰ বনৰীয়া হাতীটোৰ আক্ৰমণত ৷ বনবিভাগেও কেবাবাৰো চেষ্টা চলাই ট্ৰেংকুলাইজ কৰিব পৰা নাই উন্মাদ হাতীটোক ৷ গোৱালপাৰাৰ মাটিয়াত ৫ জনকৈ লোকৰ প্ৰাণ লোৱাৰ পিচত লাডেনক ৬ দিন ধৰি ট্ৰেন্কুইলাইজ কৰিব নোৱাৰাত বন বিভাগৰ বিৰুদ্ধে ক্ষুণ্ণ গোৱালপাৰাৰ কাণকাটাবাসী। সোমবাৰে বন বিভাগৰ ব্যৰ্থতাৰ বাবে প্ৰতিবাদ কৰিলে স্থানীয় একাংশ ৰাইজে ।
![GOALPARA WILD ELEPHANT TERROR, PUBLIC PROTEST AGAINST FOREST DEPT. LADEN TERROR ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4952150_goalpara.jpg)
ইপিনে লাডেনৰ সন্ত্ৰাসত এতিয়া আতংকিত হৈছে কাণকাটা,জিয়াগুৰী,খেৰোপাৰা,কাহিবাৰী অঞ্চলৰ ৰাইজ। আতংকিত গঞাই ওৰে নিশা পহৰাৰ ব্যৱস্থা কৰিছে যদিও বন বিভাগে কেইটামান ফটকা দিয়েই দায়িত্ব সামৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। ইয়াৰ বিপৰীতে অঞ্চলটোৰ শ শ পৰিয়ালে নিদ্ৰাহীন অৱস্থাত আতংকত দিন কটাবলগীয়া হৈছে ৷ বিপৰীতে বন বিভাগৰ ৰংজুলিৰ ৰেঞ্জাৰ বলেন দাসে জনোৱা মতে সকলো প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পিচত অহা মঙলবাৰে হে ট্ৰেংকুলাইজ কৰাৰ নিৰ্দেশনা পাব।
লগতে চাওকঃ সাৱধান তিনিচুকীয়া ! বন্দুক দেখুৱাই লুটি নিব পাৰে আপোনাৰ ধন