গোৱালপাৰা,6 আগষ্টঃৰাজ্যৰ অধিকাংশ পাচলি বজাৰত পাবলৈ নাই পাচলি। নামনি অসমৰ অন্যতম বৃহৎ পাচলি বজাৰ হিচাপে পৰিচিত গোৱালপাৰা জিলাৰ শিমলীতোলা পাচলি বজাৰতো নাই পাচলি । যিখন বজাৰৰ পৰা দৈনিক ৰাজ্যৰ বিভিন্ন বজাৰলৈ হাজাৰ হাজাৰ কুইণ্টল পাচলি যায় সেই বজাৰত এতিয়া বহিঃৰাজ্যৰ পৰা কচু,বন্ধাকবি, বিলাহী আদি আনি গাঁওৰ লোকৰ ওচৰত বিক্ৰী কৰিব লগীয়া হৈছে । তাকো অত্যাধিক দামত ।
- প্ৰতি কেজি বিলাহীৰ দাম ৬০ৰ পৰা ৮০ টকা
- জিকা ৫০ টকা,ভোল ৫০ টকা,বেঙেনা ৬০ টকা,
- জলকীয়া ১০০ ৰ পৰা ১৪০ টকা প্ৰতি কেজি
এক কথাত সাধাৰণ জনতাই পাচলি কিনিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে । গোৱালপাৰাত শাক পাঁচলিৰ বাবে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
বেয়া বতৰেও পাচলিৰ উৎপাদনত অৰিহণা যোগাইছে ৷