ETV Bharat / state

অচিন ৰোগত আক্ৰান্ত গোৱালপাৰাৰ একাংশ যুৱতী মহিলা

author img

By

Published : Mar 13, 2020, 8:19 PM IST

পুনৰ ৮ মাৰ্চৰ পৰা গাঁওখনৰ প্ৰায় সংখ্যক পুৰুষ-মহিলাই একেটা ৰোগত আক্ৰান্ত হয় ৷ লগে লগে মৰনৈ চিকিৎসালয়ৰ এটা দল আহি প্ৰাথমিক চিকিৎসা প্ৰদান কৰি সকলো ৰোগীকে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ এই অচিন ৰোগত আক্ৰান্ত অধিকাংশই হৈছে যুৱতী আৰু মহিলা।

গোৱালপাৰাৰ একাংশ পুৰুষ-মহিলা
গোৱালপাৰাৰ একাংশ পুৰুষ-মহিলা

গোৱালপাৰা, 13 মাৰ্চঃ ক’ৰোনা ভাইৰাছে সমগ্ৰ বিশ্বতেই আতংকৰ সৃষ্টি কৰি থকা সময়তে গোৱালপাৰাৰ মৰনৈৰ নেপালীখুঁটীত প্ৰাদূৰ্ভাৱ হৈছে এক অচিন ৰোগৰ ৷ বিগত ৬ মাৰ্চৰ পৰা বৰ্তমানলৈ ২৮ গৰাকী লোক আক্ৰান্ত হ'ল এই অচিন ৰোগত ৷ গাওঁবাসীয়ে জনোৱা মতে, ৬ মাৰ্চৰ নিশা শ্বাস-প্ৰশ্বাসজনিত কাৰণত এজন ১৮ বছৰীয়া যুৱকৰ মৃত্যু ঘটে ৷ পৰৱৰ্তী সময়ত ৭ মাৰ্চৰ সন্ধিয়াও একে কাৰণতে আন এগৰাকী মহিলাৰ মৃত্যু হয় ।

গোৱালপাৰাৰ একাংশ পুৰুষ-মহিলা

পুনৰ ৮ মাৰ্চৰ পৰা গাঁওখনৰ প্ৰায় সংখ্যক পুৰুষ-মহিলাই একেটা ৰোগত আক্ৰান্ত হয় ৷ লগে লগে মৰনৈ চিকিৎসালয়ৰ এটা দল আহি প্ৰাথমিক চিকিৎসা প্ৰদান কৰি সকলো ৰোগীকে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ এই অচিন ৰোগত আক্ৰান্ত অধিকাংশই হৈছে যুৱতী আৰু মহিলা। ৰোগীসকল কি ৰোগত আক্ৰান্ত হৈছে চিকিৎসকে সেয়া স্পষ্টকৈ কোৱা নাই যদিও এয়া এক মানসিক ৰোগ বুলিহে ৰোগীৰ পৰিয়ালক জানিবলৈ দিয়ে ৷ কিন্তু গাওঁবাসীয়ে সেয়া মানি ল’বলৈ টান পাইছে আৰু স্বাস্থ্য বিভাগক এই ৰোগটো প্ৰকৃতাৰ্থত কি ৰোগ সেয়া নিশ্চিত কৰিবলৈ আহ্বান জনাইছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.