ETV Bharat / state

ৰজাঘৰীয়া ভাষণৰ ফুলজাৰিঃ তিলমানো উন্নয়নৰ চিনচাপ নাই বাগিচা অঞ্চলত

এটুপি খোৱা পানীৰ স্বাস্থ্যসন্মত সুব্যৱস্থা নথকাৰ বাবেই বছৰ-বছৰ ধৰি এনেদৰেই জীয়াতু ভূগিবলগীয়া হৈছে মৈজংগা চাহ বাগিছাৰ শ্ৰমিকসকলে৷ বাগানৰ মুঠ 200 টা পৰিয়ালৰ মাজত মাত্ৰ আছে দুটা দমকলৰ ব্যৱস্থা তাৰো এটা বিকল ৷ চৰকাৰী ভাৱে এটা পানী যোগান আঁচনিৰ দিয়া হৈছিল যদিও বিগত এবছৰেও সম্পূৰ্ণ হৈ নুঠিল আঁচনিখন ৷ ফলত উপায়ন্তৰ হৈ এনেদৰে কুঁৱাৰ লেতেৰা পানী পান কৰিবলগীয়া হৈছে গাঁওবাসীয়ে ৷

ৰজাঘৰীয়া ভাষণৰ ফুলজাৰি
ৰজাঘৰীয়া ভাষণৰ ফুলজাৰিঃ তিলমানো উন্নয়নৰ চিনচাপ নাই বাগিচা অঞ্চলত
author img

By

Published : Mar 2, 2020, 10:37 PM IST

গোৱালপাৰা,1 মাৰ্চঃ অন্তহীন সমস্যাৰে জৰ্জৰিত অসমৰ চাহ জনগোষ্ঠী ৷ স্বাধীনতাৰ পূৰ্বৰে পৰা অসমতে বসবাস কৰি আৰ্থসামাজিক দিশৰ লগতে অসমৰ সংস্কৃতিত বাৰেৰহণীয়া ৰহন সনা চাহ জনগোষ্ঠীৰ লোকসকল আজিও উপেক্ষিত ৰজাঘৰীয়াৰ দ্বাৰা ৷ চাহ বাগিচাৰ চাৰি বেৰৰ মাজতে আৱদ্ধ এই চাহ শ্ৰমিকসকলৰ শৈক্ষিক বৌদ্ধিক আৰু স্বাস্থ্যজনিত অধিকাৰতো দূৰৰে কথা বহু ক্ষেত্ৰত মৌলিক অধিকাৰৰ পৰাও বঞ্চিত তেঁওলোক ৷ যি সময়ত ৰাজ্যৰ শাসকীয় চৰকাৰখনে বাগিচা অঞ্চলত বসবাস কৰা লোকসকলৰ উন্নয়নৰ কথাৰে ভাষণৰ ফুলজাৰি মাৰি আহিছে সেই সময়তেই মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে গোৱালপৰা জিলাৰ মৈজংগা চাহ বাগিচাৰ কৰ্মচাৰীসকল ৷

এটুপি খোৱা পানীৰ স্বাস্থ্যসন্মত সুব্যৱস্থা নথকাৰ বাবেই বছৰ-বছৰ ধৰি এনেদৰেই জীয়াতু ভূগিবলগীয়া হৈছে মৈজংগা চাহ বাগিছাৰ শ্ৰমিকসকলে৷ বাগানৰ মুঠ 200 টা পৰিয়ালৰ মাজত মাত্ৰ আছে দুটা দমকলৰ ব্যৱস্থা তাৰো এটা বিকল ৷ চৰকাৰী ভাৱে এটা পানী যোগান আঁচনিৰ দিয়া হৈছিল যদিও বিগত এবছৰেও সম্পূৰ্ণ হৈ নুঠিল আঁচনিখন ৷ ফলত উপায়ন্তৰ হৈ এনেদৰে কুঁৱাৰ লেতেৰা পানী পান কৰিবলগীয়া হৈছে গাঁওবাসীয়ে ৷ ইয়াৰ উপৰিও বাগানখনত নাই পৰ্যাপ্ত চিকিৎসা সেৱাৰ ব্যৱস্থা৷ চাহ বাগানৰ এখন হাস্পাতাল আছে যদিও হাস্পাতালত আজিকোপতি নিয়োগ কৰা নাই চিকিৎসাকৰ্মী আৰু আন কৰ্মচাৰী৷

ৰজাঘৰীয়া ভাষণৰ ফুলজাৰিঃ তিলমানো উন্নয়নৰ চিনচাপ নাই বাগিচা অঞ্চলত

ইমানতেই অন্ত পৰা নাই বাগিচৰ শ্ৰমিকসকলৰ দুৰ্দশাৰ কাহিনী ৷ বাগানখনৰ ৪১০ গৰাকী কৰ্মচাৰীয়ে প্ৰতিদিনে 10 ঘন্টাকৈ কাম কৰি লাভ কৰে ১৬৭ টকাৰ মজুৰি, ৩০০ গ্ৰাম চাউল আৰু ৩০০ গ্ৰাম আটা ৷ আনহাতে অস্থায়ী কৰ্মচাৰী সকলে লাভ কৰে ১৬৭ টকা আৰু ২৩০ গ্ৰাম চাউল আৰু ২৩০ গ্ৰাম আটা৷ ই সামান্য মজুৰিৰে যথেষ্ট কষ্টৰে একোটা পৰিয়াক পোহপাল দি আহিছে বাগানৰ শ্ৰমীকসকলে ৷ কিন্তু ইয়াৰ বিপৰীতে বাগান কৰ্তৃপক্ষৰ দাবী পৰ্যাপ্ত সকলো খিনি সুবিধাই প্ৰদান কৰা হৈছে কৰ্মচাৰীসকলক ৷

বিশ্বজুৰি সমাদৃত অসমৰ চাহে যি সময়ত প্ৰতি কিল’গ্ৰামত 50,000 ত কৈও অধিক দৰত বিক্ৰী হৈ বিশ্ব অভিলেখ গঢ়িছে ৷ সেই সময়তেই বৃটিছৰ দিনৰে পৰাই প্ৰজন্মৰ পিছত প্ৰজন্ম বাগিচাতে কৰ্মৰত এইসকল চাহ শ্ৰমিকক আজিকোপতি প্ৰদান কৰা নহ’ল পৰ্যাপ্ত সা-সুবিধা ৷ ইয়াৰ বিপৰীতে শাসকগোষ্ঠীৰ পৰা প্ৰতিসময়তেই অৱহেলিত এই সকল লোক ৷ এতিয়া প্ৰশ্ন হয় পৰিৱৰ্তনৰ কথা কোৱা শাসকীয় বিজেপি দলে এই লোকসকলৰ উন্নয়নৰ বাবে কিবা পদক্ষেপ গ্ৰহণ কৰিবনে? নে তেঁওলকে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহো সময়ত ফুটুকৰা ফেনত পৰিণত হ’ব ?

লগতে পঢ়ক-অৱশেষত আৰম্ভ হ’ল ৰহা টোল গেটত কৰ সংগ্ৰহ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.