ETV Bharat / state

গোৱালপাৰাৰ বিজেপি নেতাক আক্ৰমণত জড়িত নাছিল কংগ্ৰেছ

author img

By

Published : Aug 31, 2020, 8:12 PM IST

একাংশ দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছিল গোৱালপাৰাৰ বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি নুৰজামাল শিকদাৰ ৷ শিকদাৰে এই আক্ৰমণৰ লগত কংগ্ৰেছৰ একাংশ গুণ্ডাবাহিনী জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰে ৷ সোমবাৰে এই অভিযোগ নসাৎ কৰে গোৱালপাৰা জিলা কংগ্ৰেছৰ সভাপতি আব্দুছ ছামাদ সৰকাৰে ৷

Goalpara District Congress alleges misdemeanor attack assam etv bharat news
দুৰ্বৃত্তৰ আক্ৰমণৰ অভিযোগ নসাৎ গোৱালপাৰা জিলা কংগ্ৰেছৰ

গোৱালপাৰা,31 আগষ্ট: কিছুদিনপূৰ্বে একাংশ দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছিল গোৱালপাৰা জিলাৰ বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি নুৰজামাল শিকদাৰ ৷ শিকদাৰে এই আক্ৰমণৰ লগত কংগ্ৰেছৰ একাংশ গুণ্ডাবাহিনী জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছইল ৷ শিকদাৰৰ এই অভিযোগৰ পিছতে জাঙোৰ খাই উঠিছে গোৱালপাৰা জিলা কংগ্ৰেছ কমিটি ৷ উল্লেখ্য যে, বিগত 29 আগষ্টৰ নিশা 9 বজাত লক্ষীপুৰৰ তালতোলাত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা শিকদাৰে পৰৱৰ্তী সময়ত লক্ষীপুৰ ব্লক কংগ্ৰেছৰ সভাপতি এ এছ এম জাকাৰিয়াই গুণ্ডাবাহিনী লগত লৈ দলবদ্ধভাৱে শিকদাৰক আক্ৰমণ কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে ৷

ঘটনাতো সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে জিলা কংগ্ৰেছ কমিটিয়ে লক্ষীপুৰস্থিত ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি এই অভিযোগ একেমুখে নসাৎ কৰে ৷ কংগ্ৰেছৰ হৈ সভাপতি আব্দুছ ছামাদ সৰকাৰে এই সংবাদমেল সম্বোধন কৰে ৷ ব্যক্তিগত কাজিয়াৰ ফলত সংঘটিত হোৱা এই আক্ৰমণত কোনো প্ৰকাৰে দলটো জড়িত নহয় বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে ৷ তদুপৰি এই ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰ আহ্বান জনাইছে প্ৰশাসনক ৷

লগতে চাওকঃ সাংবাদিকক দু ব্যৱহাৰ, ম'বাইল দলিয়াই ডিলিট কৰিলে ভিডিঅ' !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.