ETV Bharat / state

পঁচা চাউলেৰে চলিছে গোৱালপাৰাৰ সংহত শিশু উন্নয়ন বিকাশ কেন্দ্ৰ

author img

By

Published : Nov 29, 2019, 7:57 PM IST

শিশু খাদ্যৰ নামত গোৱালপাৰাৰ ছমৰীয়া সংহত শিশু উন্নয়ন বিকাশ কেন্দ্ৰত সংঘটিত অনিয়ম ৷ খাদ্যৰ নামত পঁচা চাউল যোগান বিভাগীয় কৰ্তৃপক্ষৰ ৷ সচেতন লোকৰ তৎপৰতাত ফাদিল সম্পূৰ্ণ ঘটনা ।

Goalpara CDPO cell run with rotten rice
পঁচা চাউলেৰে চলিছে গোৱালপাৰাৰ সংহত শিশু উন্নয়ন বিকাশ কেন্দ্ৰ

গোৱালপাৰা,29 নৱেম্বৰঃ শিশু খাদ্যৰ নামত গোৱালপাৰাৰ ছমৰীয়া সংহত শিশু উন্নয়ন কেন্দ্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কেন্দ্ৰটোলৈ সমাজ কল্যাণৰ বিভাগীয় কৰ্তৃপক্ষই প্ৰেৰণ কৰা 200 বস্তা চাউলত ধৰা পৰিল পোক ৷ বৃহস্পতিবাৰে সন্ধিয়া দুখন ট্ৰাকেৰে নগৰবেৰাস্থ ছমৰীয়া সংহত শিশু উন্নয়ন বিকাশ কেন্দ্ৰত দিবলৈ আহে ১০০০ বস্তা চাউল। কিন্তু ইয়াৰে ২০০ বস্তা চাউলেই পঁচা আৰু পোকে ধৰাটো স্থানীয় ৰাইজে নিশ্চিত কৰে। সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা শতাধিক অংগনবাদী কেন্দ্ৰৰ শিশু খাদ্যৰ বাবে সংশ্লিষ্ট ঠিকাদাৰে যোগান ধৰিবলৈ আনিছিল এই বৃহৎ পৰিমাণৰ পঁচা আৰু পোকে ধৰা চাউল । কিন্তু চাউল যোগানকাৰী ঠিকাদাৰৰ এই কু-অভিসন্ধি একাংশ সচেতন লোকে ধৰা পেলায়। গাড়ী দুখনত আছিল ২০০ বস্তা পঁচা আৰু পোকে ধৰা চাউল । ঘটনাস্থলীত সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাত বিবুদ্ধিত পৰে চাউল দিবলৈ অহা লোকসকল ৷ ঘটনাৰ পৰিণতি ভীষণ হোৱাৰ উমান পাই পঁচা আৰু পোকে ধৰা চাউল লৈ উভতি যায় যোগানকাৰী দলটো।

এতিয়া প্ৰশ্ন হয়, যোগানকাৰী ঠিকাদাৰে কাৰ সাহসত ইমান পৰিমাণৰ পঁচা চাউল যোগান ধৰিবলৈ আহিছিল সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত? এই সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে ।

আৰু পঢ়ক বিগত তিনিটা বছৰে শুই আছিল নেকি অসম চৰকাৰ?

Intro:as_gol_29nov_801_cdpo_damage_rice_vis+byte_7203844.

Anchor : শিশু খাদ্যৰ নামত ছমৰীয়া সংহত শিশু উন্নয়ন বিকাশ কেন্দ্ৰত যোগান ধৰিছে পঁচা চাউল। সচেতন লোকৰ তৎপৰতাত পোহৰলৈ আহে এই ঘটনা। ঘুৰাই পঠালে ২০০ বস্তা পঁচা চাউল। এই সন্দর্ভত এক বিশেষ ৰিপৰ্ট ।
Body:as_gol_29nov_801_cdpo_damage_rice_vis+byte_7203844.

Anchor : শিশু খাদ্যৰ নামত ছমৰীয়া সংহত শিশু উন্নয়ন বিকাশ কেন্দ্ৰত যোগান ধৰিছে পঁচা চাউল। সচেতন লোকৰ তৎপৰতাত পোহৰলৈ আহে এই ঘটনা। ঘুৰাই পঠালে ২০০ বস্তা পঁচা চাউল। এই সন্দর্ভত এক বিশেষ ৰিপৰ্ট ।

V. O : শিশুক পুষ্টিকৰ খাদ্যৰ নামত প্ৰকৃততে কি যোগান ধৰিছে সংহত শিশু উন্নয়ন বিকাশ কেন্দ্ৰ সমুহলৈ। চাওক এয়া কি?? পঁচা আৰু পোকে ধৰা চাউল। বৃহস্পতিবাৰে সন্ধিয়া দুখন ট্ৰাকেৰে নগৰবেৰাস্থ ছমৰীয়া সংহত শিশু উন্নয়ন বিকাশ কেন্দ্ৰত দিবলৈ আহে ১০০০ বস্তা চাউল। কিন্তু ইয়াৰে ২০০ বস্তা চাউলেই পঁচা আৰু পোকে ধৰা। সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা শতাধিক অংগনৱাডী কেন্দ্ৰৰ শিশু খাদ্যৰ বাবে সংশ্লিষ্ট ঠিকাদাৰে যোগান ধৰিবলৈ আনিছিল এই বৃহৎ পৰিমাণৰ পঁচা আৰু পোকে ধৰা চাউল। কিন্তু যোগানকাৰী ঠিকাদাৰৰ এই কু অভিসন্ধি ধৰা পেলায় একাংশ সচেতন লোকে। এক বস্তা, দু বস্তা নহয়। গাড়ী দুখনত আছিল ২০০ বস্তা পঁচা আৰু পোকে ধৰা চাউল। ঘটনাস্থলীত সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাত বিবুদ্ধিত পৰে চাউল দিবলৈ অহা লোক সকলৰ। কেৱল এয়াই নহয়, সংবাদ সংগ্ৰহতো বাধা দিয়াৰ চেষ্টা কৰে ঠিকাদাৰৰ সাংগো পাংগোই। ঘটনাৰ পৰিণতি ভীষম হোৱাৰ উমান পাই পঁচা আৰু পোকে ধৰা চাউল লৈ উভতি যায় যোগানকাৰী।
এতিয়া প্ৰশ্ন হয়, যোগানকাৰী ঠিকাদাৰে কাৰ সাহসত ইমান পৰিমাণৰ পঁচা চাউল যোগান ধৰিবলৈ আহিছিল সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত?? অহাৰ পূৰ্বেই শিশু খাদ্যৰ এই চাউলৰ গুনাগুন পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছিল নে সংশ্লিষ্ট বিভাগে?? এই সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে ৰাইজে ।

জাহিদুল ইছলাম, গোৱালপাৰা।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.