ETV Bharat / state

ভোটাৰক আকৰ্ষণৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

author img

By

Published : Mar 25, 2021, 2:10 PM IST

ভোটাৰ সকলক সজাগতাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ । ৰাইজে যাতে ৬ এপ্ৰিল অৰ্থাৎ ভোটদানৰ দিনটো মনত ৰাখিব পাৰে তাৰ বাবে প্ৰশাসনে বেলুনেৰে ৬ সংখ্যা লিখি সমষ্টিৰ ভিন্ন স্থানত আৰি দিছে ।

ভোটাৰক আকৰ্ষণৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ
ভোটাৰক আকৰ্ষণৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

গোৱালপাৰা,২৫ মাৰ্চ: যিটো সময়ত ৰাজনৈতিক দলসমূহে ভোটাৰক আকৰ্ষণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে তেনে সময়ত ১০০ শতাংশ ভোটগ্ৰহণৰ লক্ষ্য আগত ৰাখি জিলা প্ৰশাসনেও বিভিন্ন পদক্ষেপ লোৱা দেখা গৈছে । প্ৰতিখন জিলাৰে প্ৰশাসনে ভোটাৰসকলক সজাগতাৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰিছে । ইয়াৰ মাজতে গোৱালপাৰা জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ । তিনি ৰঙৰ বেলুনেৰে ৬ সংখ্যা লিখি চহৰৰ বিভিন্ন স্থানত আৰি দিলে । কিন্তু ৬ সংখ্যাটোকলৈ এতিয়া সকলোৰে মনত প্ৰশ্নৰ উদয় হোৱা দেখা গৈছে ।

এই ক্ষেত্ৰত জিলা উপায়ুক্ত বৰ্ণালী ডেকাই কয় যে, যিহেতু ৬ এপ্ৰিলত জিলাখনত অনুষ্ঠিত হ'ব ভোটদান প্ৰক্ৰিয়া । সেয়ে ৰাইজে যাতে ৬ এপ্ৰিলৰ দিনটো মনত ৰাখিব পাৰে তাৰ বাবে প্ৰশাসনে বেলুনেৰে ৬ সংখ্যা লিখি সমষ্টিৰ ভিন্ন স্থানত আৰি দিছে । নতুন ভোটাৰক আকৰ্ষণ কৰাৰ লগতে ৰাইজৰ সজাগতাৰ বাবে গোৱালপাৰা প্ৰশাসনৰ এই পদক্ষেপক এতিয়া বহুতে প্ৰশংসা কৰিছে ।

লগতে পঢ়ক:নিৰ্বাচনৰ প্ৰাক ক্ষণত জন্ম পালে 'সমষ্টি উন্নয়ন পৰিষদ'

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.