ETV Bharat / state

গোৱালপাৰাত পথ দুৰ্ঘটনাত নিহত ছাত্ৰ

উত্তেজিত ৰাইজে অগ্নিসংযোগ কৰিলে দূৰ্ঘটনা সংঘটিত কৰা বাহনত

দুৰ্ঘটনাটোৰ পাচত ক্ষোভিত ৰাইজে জ্বলাই দিয়া ট্ৰাকখন
author img

By

Published : Feb 22, 2019, 12:17 PM IST

গোৱালপাৰা,২২ফ্ব্ৰুৱাৰী: শুকুৰবাৰে পুৱাৰ ভাগত গোৱালপাৰা-পঞ্চৰত্ন পথত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। অবৈধ ভাৱে ৰঙা মাটি কঢ়িওৱা এখন ট্ৰাকে মহটিয়াই নিয়ে এজন স্কুলীয়া ছাত্ৰক। ফলত দুৰ্ঘটনাটোত থিতাতে নিহত হয় পঞ্চম শ্ৰেণীৰ ছাত্ৰ হাছেন আলি ।

ইপিনে এই দুৰ্ঘটনাটোৰ পাচত ক্ষোভিত ৰাইজে জ্বলাই দিয়ে AS 18C-1653 নম্বৰৰ ট্ৰাকখন । জ্বলাই দিয়া ট্ৰাকখনৰ জুই নুমুৱাবলৈ অহা অগ্নিনিৰ্বাপক বাহিনীক ক্ষোভিত ৰাইজে বাধা প্ৰদান কৰে। অৱশ্যে আৰক্ষীৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় যদিও গাড়ীখন সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় ।

দুৰ্ঘটনাটোৰ পাচত ক্ষোভিত ৰাইজে জ্বলাই দিয়া ট্ৰাকখন

উল্লেখ্য যে অঞ্চলটোত বহুদিন ধৰি পৰ্যাপ্ত নথি-পত্ৰ নথকা বাহনে ত্ৰাস চলাই অহাৰ অভিযোগ স্থানীয় একাংশ সচেতন ৰাইজৰ । লগতে শুকুৰবাৰৰ এই দুৰঘটনাৰ পাচতে প্ৰশাসন তথা চৰকাৰক এনেদৰে অবাধে চলাচল কৰা বাহন সমূহক নাকী লগোৱাৰ আহ্বান জনায়।

গোৱালপাৰা-পঞ্চৰত্ন পথত ভয়াবহ পথ দুৰ্ঘটনা।অবৈধ ভাৱে ৰঙা মাটি কঢ়িওৱা ট্ৰাকে মহতিয়াই নিলে স্কুলীয়া ছাত্ৰক।থিতাতে নিহত পঞ্চম শ্ৰেণীৰ ছাত্ৰ কাদেৰ আলীৰ পুত্ৰ হাছেন আলি(১০)।ক্ষোভিত ৰাইজে জ্বলাই দিলে এ এছ18C-1653 নম্বৰৰ মাটি কঢ়িওৱা ট্ৰাক খন।জ্বলাই দিয়া ট্ৰাকখনৰ জুই নুমাবলৈ অগ্নিনিৰ্বাপক বাহিনীয়ে আহে যদিও ক্ষোভিত ৰাইজে বাধা প্ৰদান কৰে।পিছত আৰক্ষী বাহিনীৰ সহযোগত জুই নুমাবলৈ সক্ষম হয় যদিও গাড়ীখন যথেষ্ট ক্ষতি হয়।ঘটনা স্থলীত বহু সংখ্যক ৰাইজে অবৈধ ভাৱে মাটি কঢ়িওৱা ট্ৰাক চলাচল বন্ধ কৰাৰ দাবী জনায় প্ৰশাসনক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.