ETV Bharat / state

গোৱালপাৰাৰ আশ্ৰয় শিবিৰত বন্যাৰ্তৰ হাহাকাৰ - flood effected people

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ এতিয়া গোৱালপাৰা জিলাতো বানৰ ভয়াবহ ৰূপ। মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে এতিয়া জিলাখনৰ অধিকাংশ বুৰাই পেলাইছে । এফালে মহামাৰী ক'ৰণাৰ আতংক আৰু আনফালে প্ৰকৃতিৰ তাণ্ডৱ । ফলত অধিক সন্ত্ৰস্ত হৈ পৰিছে জিলাখনৰ সাধাৰণ জনতা । জিলা প্ৰশাসনেও লোৱা নাই বান বিধস্তৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা । ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষতো দেখা পোৱা নগ'ল এগৰাকীও স্থানীয় জন প্ৰতিনিধিক । জিলাখনৰ এই ভয়াৱহ পৰিস্থিতিক লৈ চাওক আমাৰ এক বিশেষ প্ৰতিবেদন ।

flood-situation-of-goalpara
অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰা জিলাতো বানৰ ভয়াবহ ৰূপ
author img

By

Published : Jul 20, 2020, 6:21 PM IST

Updated : Jul 22, 2020, 1:09 PM IST

গোৱালপাৰা,২০ জুলাই: সমগ্ৰ ৰাজ্যই মহামাৰী ক'ৰণাৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তে ভূতৰ ওপৰত দানহ পৰাদি পৰিছেহি আন এক ভয়াৱহ বিপদে । ফেনে ফোটকাৰে বাঢ়ি অহা নদী,উপনদী সমূহে লৈছে ভয়ংকৰ ৰূপ । ৰাজ্যৰ সৰহ সংখ্যক জিলাই এতিয়া ৰাজ্যৰ দ্বিতীয়টো ভয়াৱহ বানৰ কৱলত ।

flood-situation-of-goalpara
অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰা জিলাতো বানৰ ভয়াৱহ ৰূপ

গোৱালপাৰা জিলাতো ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে এতিয়া সমগ্ৰ জিলাখনত চলাই গৈছে ভয়াৱহ তাণ্ডৱ । এফালে লক ডাউন,আনফালে বানৰ তাণ্ডৱ । সৰ্বস্বান্ত হৈ পৰিছে গোৱালপৰীয়া ৰাইজ । আজি আমি আপোনালোকক দেখুৱাম গোৱালপাৰা পুৱ সমষ্টিৰ বান বিধস্ত অঞ্চল সমূহ ।

সমষ্টিটোৰ মটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলদমাৰী চৰ,পাখিওৰা চৰ,ফুলনৈ চৰ,বুদুৰচৰ,মাহমুদপুৰ আদি অঞ্চল এতিয়া সম্পূৰ্ণ বানৰ কৱলত । ইতিমধ্যে এই সমূহ অঞ্চলৰ ৰাইজে ঘৰ-বাৰী এৰি আশ্ৰয় ল'ব লগা হৈছে মাথাউৰি,কোনো ওখ স্থান অথবা বিদ্যালয়ত।

অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰা জিলাতো বানৰ ভয়াবহ ৰূপ

কিন্তু এই সকল বানাক্ৰান্তৰ খবৰ ল'বলৈ আজি পৰ্যন্ত আহৰি নহ'ল গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়কগৰাকীৰ । কেৱল যেন নিৰ্বাচনত জয়ী হ'বলৈহে স্থানীয় বিধায়ক এ কে ৰচিদ আলমক লাগে এই সকল ৰাইজক । সমষ্টিবাসীৰ এনে ভয়াৱহ দুৰ্যোগৰ সময়ত বিধায়ক এ কে ৰচিদ আলমৰ নীৰৱ ভূমিকাক এতিয়া সকলোৱে কৰিছে সমালোচনা ।

মথাউৰি অথবা কোনো বিদ্যালয়ত আশ্ৰয় লৈ থকা এই সকল বানাক্ৰান্তৰ মাজত এতিয়া তীব্ৰ খাদ্য সংকটেও দেখা দিছে । পশুধন সমূহৰ বাবে হৈছে পশু খাদ্যৰ অভাৱ । বানাক্ৰান্ত ৰাইজক খাদ্য-বস্তু যোগান ধৰাতো দূৰৈৰে কথা,খবৰ এটা ল'বলৈকো সময় নাই চৰকাৰ কিম্বা জিলা প্ৰশাসনৰ ।

সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সম্পাদক জাকিৰ হুছেইনৰ নেতৃত্বত যোৱা এটি দলে বানাক্ৰান্ত ৰাইজৰ মাজত উপস্থিত হৈ চৰকাৰ,স্থানীয় বিধায়ক তথা জিলা প্ৰশাসনক অতি শীঘ্ৰে বান সাহাৰ্য যোগানৰ লগতে বান ক্ষতিগ্ৰস্ত সকলোকে আৰ্থিক সাহাৰ্যৰে সহায় কৰিবৰ বাবে আহ্বান জনাই ।

বান পৰিস্থিতি অপৰিৱৰ্তিত থাকিলে বানাক্ৰান্ত ৰাইজৰ অৱস্থা আৰু অধিক শোচনীয় হ'ব । এনে পৰিস্থিতিত এই সকলক বান সাহাৰ্য প্ৰদানৰ লগতে উদ্ধাৰৰ বাবে স্থানীয় বিধায়ক,প্ৰশাসন তথা চৰকাৰক সমষ্টি বাসীয়ে জনালে আহ্বান ।

লগতে চাওকঃ বান বিভীষিকা: ৰাজ্যত বানৰ কবলত পৰি মৃত্য়ু 84 গৰাকীৰ

Last Updated : Jul 22, 2020, 1:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.