ETV Bharat / state

Pension Seva Kendra inaugurates: গোৱালপাৰাত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি মন্ত্ৰী অজন্তা নেওগৰ

author img

By

Published : Jul 29, 2022, 8:10 PM IST

গোৱালপাৰাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে (Pension Seva Kendra inaugurates in Goalpara) ৷ পেঞ্চনাৰসকলে নিজৰ নিজৰ জিলাত এই সেৱা কেন্দ্ৰৰ জৰিয়তে বিভিন্ন সুবিধা লাভ কৰিব পাৰিব আৰু এই সেৱাৰ দ্বাৰা পেঞ্চন লাভৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা অধিক সৰলীকৃত হ'ব । কেন্দ্ৰৰ যোগেদি বেংকলৈ নোযোৱাকৈ জীৱন প্ৰমাণ পত্র দিব পৰা যাব । ২ অক্টোবৰৰ পৰা অসম সচিবালয় সম্পূৰ্ণৰূপে পেপাৰমুক্ত হৈ পৰিব । সকলো কাম অনলাইন ব্যৱস্থাৰে হ'ব ।

finance-minister-inaugurates-pension-service-center-in-goalpara
গোৱালপাৰাত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে

গোৱালপাৰা, 29 জুলাই : চৰকাৰী পেঞ্চনাৰসকলে পেঞ্চন লাভৰ ক্ষেত্ৰত সন্মুখীন হোৱা কষ্ট হ্ৰাস কৰাৰ লক্ষ্যৰে শুকুৰবাৰে ২৭ খন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰা হয় (Pension Seva Kendra inaugurates in Goalpara)।

সমান্তৰালকৈ গোৱালপাৰাতো শুকুৰবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰা হয় গোৱালপাৰা জিলা পেঞ্চন সেৱা কেন্দ্ৰ । গোৱালপাৰাত উপস্থিত হৈ জিলাখনৰ অভিভাৱক তথা বিত্তমন্ত্ৰী অজন্তা নেওগে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত জিলা পেঞ্চন সেৱা কেন্দ্ৰটোৰ শুভ উদ্ধোধন কৰে(Finance minister inaugurates Pension service center in Goalpara)৷

এই সেৱা কেন্দ্ৰটোৰ জৰিয়তে অৱসৰ প্ৰাপ্তসকলে এতিয়াৰে পৰা পেঞ্চনৰ বাবে কষ্ট ভোগ কৰিবলগীয়া নহয় । এই কাৰ্যসূচীৰ পূৰ্বে মন্ত্ৰী়গৰাকীয়ে নটসূৰ্য ফণী শৰ্মা ভৱনত 'অৰুণোদয় মাহ' কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত গঠন কৰা তত্বাৱধায়ক দলসমূহক প্ৰশিক্ষণ প্ৰদান কৰা হয় ।

বিশেষকৈ কলেজীয়া ছাত্ৰসকলক লৈ গঠন কৰা হয় এই তত্বাৱধায়ক দলসমূহ(College students to carry out Orunodoi verification) । গোৱালপাৰা আৰু লক্ষীপুৰ পৌৰসভাক বাদ দি প্ৰথমাৱস্থাত পঞ্চায়ত পৰ্যায়ত ঘৰে ঘৰে পৰিদৰ্শন কৰিব এই দলসমূহে । পৰিদৰ্শনৰ পিচত বাদ পৰা দুখীয়া মহিলাসকলক অন্তৰ্ভুক্ত কৰা হ'ব এই আঁচনিত ।

লগতে কোনোবা চাকৰিয়ালে যদি এই আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে তেওঁলোকৰ নাম বাদ পৰিব এই পৰিদৰ্শনৰ পিচত । সেয়ে কোনো ধনী পৰিয়ালৰ মহিলা যদি এই আঁচনিত অন্তৰ্ভুত হৈ আছে তেন্তে তেওঁক নিজেই এই আঁচনিৰ পৰা ওলাই আহিবলৈ অনুৰোধ জনায় মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : Pension Sewa Kendra in Guwahati : ৰাজ্যৰ ২৭ খন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.