গোৱালপাৰা,১৬ এপ্ৰিল: ৰাজ্যজুৰি ৰঙালীৰ ব্যাপক উচাহ । বিহুৰ আনন্দত মতলীয়া হৈছে সকলো । কিন্তু বিহুৰ আনন্দত জনতা বিভোৰ হৈ থাকোতেই দুষ্টচক্ৰই পাতিছে বাঘজাল । ৰঙালীৰ উচাহৰ মাজতে গোৱালপাৰাৰ জিলাৰ কৃষ্ণাইত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ (Explosive material recovered in Goalpara) ৷ এখন যাত্ৰীবাহী বাছত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে ১১৬২ ডাল জিলেটিন আৰু ৯৯৮ টা ডিটনেটৰ ৷ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ খাচী পাহাৰৰ লুটুমবাৰীৰ আৰু হাটশিঙিমাৰী লৈ গৈ আছিল যাত্ৰীবাহী বাছখন ।
এই বিস্ফোৰক সামগ্ৰীখিনি সৰবৰাহ কৰাৰ অভিযোগত এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (Explosive recovered) ৷ অৱশ্যে বিস্ফোৰক সামগ্ৰীখিনিৰ সৈতে গ্ৰেপ্তাৰ হোৱা লোকজন কোনো উগ্ৰপন্থী সংগঠনৰ লগত জড়িত নেকি সেই বিষয়ে গোৱালপাৰা আৰক্ষীয়ে এতিয়ালৈ সাংবাদিকক জানিব দিয়া নাই । এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলিছিল আৰক্ষীৰ এই অভিযান (One arrested for smuggling explosives) ৷
গ্ৰেপ্তাৰ হোৱা লোকজনক কৃষ্ণাই আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ৷ বিস্ফোৰক সামগ্ৰীখিনি উদ্ধাৰ হোৱা বাছখনৰ নম্বৰ AS25AC5475 নম্বৰৰ 'ৰাজধানী এক্সপ্ৰেছ' ৷ এই বিস্ফোৰক সামগ্ৰী সৰবৰাহ কৰা লোকজনৰ নাম হৈছে আব্দুল মালেক । এই আব্দুল মালেকৰ ঘৰ মেঘালয়ৰ পশ্চিম গাৰোপাহাৰৰ ৰাজাবালাত ৷ সম্প্ৰতি কৃষ্ণাই আৰক্ষীয়ে অধিক তথ্যৰ লাভ কৰাৰ বাবে লোকজনক মাৰাথান জেৰা অব্যাহত ৰাখিছে ।
এফালে ৰঙালীৰ আনন্দ, সকলো ব্যষ্ট হৈ পৰিছে ৰঙালী বিহু উদযাপনত । আৰক্ষী তথা প্ৰশাসনো বিহুৰ সময়ত যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ ব্যস্ত হৈ পৰিছে । তাৰেই যেন সুযোগ লৈছে দুষ্টচক্ৰই । বিস্ফোৰক সামগ্ৰীখিনি উদ্ধাৰ হোৱাৰ পাচতে সমগ্ৰ গোৱালপাৰাতে বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য ।
লগতে পঢ়ক: Jal Jeevan Mission: নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ভাঙিল পানীৰ টেংকী