ETV Bharat / state

অসম-মেঘালয় সীমান্ত পৰিদৰ্শন প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভাৰ - অসম মেঘালয় সীমান্ত পৰিদৰ্শন প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভাৰ

বৰ্তমান সকলো ৰাজনৈতিক দল বা নেতাৰ লক্ষ্য পৰৱৰ্তী অসম বিধানসভাৰ নিৰ্বাচন ৷ নিৰ্বাচনী যুঁজত জয়লাভৰ উদ্দেশ্যে এতিয়া প্ৰতিগৰাকী নেতা ব্যস্ত হৈ পৰিছে ৰাইজৰ মনৰ খবৰ লোৱাত ৷ গোৱালপাৰাৰ দুধনৈবাসীৰ মাজত শেহতীয়াভাৱে উপস্থিত হোৱা দেখা যায় প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভাক ৷

Ex minister visited assam meghalaya border in goalpara assam etv bharat news
দুধনৈবাসীৰ মাজত প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভা
author img

By

Published : Oct 17, 2020, 2:12 PM IST

বকো,17 অক্টোবৰ : নিৰ্বাচনী বৈতৰণী পাৰ কৰাটোৱে যেন এতিয়া মুখ্য উদ্দেশ্য ৰাজ্যৰ প্ৰতিগৰাকী জন প্ৰতিনিধিৰ ৷ নিৰ্বাচন পাৰ হোৱাৰ পিছত সমষ্টিবাসীৰ মনৰ বতৰা ল’বলৈ আহৰি নোপোৱা প্ৰতিনিধিসকলেও এতিয়া ভিৰ কৰিছেহি নিজৰ নিজৰ সমষ্টিত ৷ সমান্তৰালভাৱে সুকীয়া ৰণকৌশল তৈয়াৰ কৰি সাজু হৈ উঠিছে ৰাষ্ট্ৰীয় তথা আঞ্চলিক দলসমূহো ৷ এনে সময়তে গোৱালপাৰাৰ দুধনৈ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ সাম্ভাব্য নিৰ্বাচনী প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভাক উপস্থিত হোৱা দেখা যায় অসম-মেঘালয় সীমান্তৱৰ্তী গাৰো জনজাতীয় লোকসকলৰ মাজত ৷

Ex minister visited assam meghalaya border in goalpara assam etv bharat news
দুধনৈবাসীৰ মাজত প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভা

ৰাভাই ৰাইজৰ সৈতে ৰাজনৈতিক প্ৰেক্ষাপটৰ বিভিন্ন দিশৰ ওপৰত মত বিনিময় কৰে ৷ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ-ৰাজ্যত শাসনাধিষ্ঠ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি দেশৰ সম্পদ বিক্ৰীৰে চৰকাৰ চলাই থকা বুলি কটাক্ষ কৰে ৷ তদুপৰি বিজেপি চৰকাৰে মাত্ৰ হিন্দুধৰ্মী লোককহে প্ৰাধান্য দিয়াৰ অভিযোগ উত্থাপন কৰে ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে কংগ্ৰেছ দলৰ কেইবাগৰাকীও নেতা-কৰ্মী ৷ দলটোৱে অসম-মেঘালয় সীমান্তৱৰ্তী দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত টোৰেংথোপ, খাৰডাং সৰকপাৰা, গ্ৰীণ’গ্ৰে, পাহামপাৰা ডাবলি আদি অঞ্চল ভ্ৰমণ কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে ৷

লগতে চাওকঃ কোভিড কেন্দ্ৰৰ নমুনা: ষ্ট্ৰেচাৰতে প্ৰসৱ সন্তান

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.