ETV Bharat / state

গোৱালপাৰাৰ খেতিপথাৰত আৱদ্ধ তিনিটাকৈ বন্যহস্তী - লক্ষীপুৰ আঞ্চলিক বন বিষয়া আব্দুল হক আহমেদ

লক্ষীপুৰ বৰদল গাঁৱৰ খেতিপথাৰৰ মাজত আৱদ্ধ তিনিটাকৈ বন্যহস্তী ৷ এটাই আনটো হাতীক বচাবলৈ গৈ বোকাময় গাঁতত আৱদ্ধ হৈ পৰে ৷ লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ সহযোগত হাতী তিনিটাক উদ্ধাৰ কৰি পুনৰ বনাঞ্চললৈ পঠিয়াই দিয়া হয় ৷

as_gol_elephant_recovered_img_as10022
গোৱালপাৰাৰ খেতি পথাৰত আৱদ্ধ তিনিটাকৈ বন্যহস্তী
author img

By

Published : Nov 26, 2020, 8:36 PM IST

গোৱালপাৰা, 26 নৱেম্বৰ: গোৱালপাৰা লক্ষীপুৰ বৰদল গাঁৱৰ খেতিপথাৰৰ মাজত আৱদ্ধ তিনিটাকৈ বন্যহস্তী ৷ পথাৰৰ মাজত থকা এটা প্ৰকাণ্ড গাঁতত আৱদ্ধ হয় বন্যহস্তী কেইটা ৷ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বৰদল, কাইচাবাৰী, পুখুৰীপাৰা, গৱৰদল, শিগৰী আদি পাহাৰীয়া অঞ্চলত খাদ্যৰ সন্ধানত হাতীৰ জাক এটাই সঘনাই বিচৰণ কৰিছিল ৷ দীৰ্ঘদিন ধৰি মেঘালয়ৰ পৰা অহা হাতীৰ জাকটোৱে বৰদল গাঁৱৰ পথাৰত পকীবলৈ ধৰা ধান খেতি খাই তহিলং কৰি আছে ৷

as_gol_elephant_recovered_img_as10022
গোৱালপাৰাৰ খেতি পথাৰত আৱদ্ধ তিনিটাকৈ বন্যহস্তী

বুধবাৰে নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটা হাতীৰ জাকে প্ৰৱেশ কৰিছিল বৰদল গাঁৱৰ খেতি পথাৰৰ মাজত ৷ ধান খাই থাকোতে হাতীৰ জাকটোৰ তিনিটা হাতী আৱদ্ধ হৈ পৰে খেতি পথাৰৰ মাজত থকা প্ৰকাণ্ড গাঁতত ৷ এটাই আনটো হাতীক বচাবলৈ গৈ তিনিওটা বনৰীয়া হাতী আৱদ্ধ হৈ পৰে বোকাময় গাঁতত ৷

ৰাতিপুৱা বনৰীয়া হাতীকেইটাক দেখি হুৱাদুৱা লাগে অঞ্চলটোত ৷ বন বিভাগক খবৰ দিয়াত লক্ষীপুৰ আঞ্চলিক বন বিষয়া আব্দুল হক আহমেদৰ সৈতে এক সজাতি দলে JCB ৰ সহায়ত মাটি কাটি হাতী তিনিটাক উদ্ধাৰ কৰি পুনৰ বনাঞ্চললৈ পঠিয়াই দিয়ে ৷

লগতে পঢ়ক:বানবিধস্ত অঞ্চলৰ পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় দলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.