গোৱালপাৰা, 11 মে’: ৰাজ্যত অব্যাহত আছে হাতী মানুহৰৰ সংঘাত ৷ হাতী মানুহৰৰ সংঘাতে নিদ্ৰা হৰণ কৰিছে এতিয়া গোৱালপাৰাবাসীৰ ৷ সোমবাৰে নিশা গোৱালপাৰাৰ ফুটুৰীপাৰা গাঁৱত দুটা বন্যহস্তীয়ে তাণ্ডৱ চলাই লণ্ড ভণ্ড কৰে দুটাকৈ বাসগৃহ ৷ জানিব পৰা মতে, বন্যহস্তীয়ে লণ্ড ভণ্ড কৰা বাসগৃহ কেইটা হৈছে দীপেন উঁৰাও আৰু কালিচৰন দাসৰ ৷
প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ বহু কেইখন গাঁৱত বিষেশকৈ ফুটুৰীপাৰা গাঁৱত সঘনাই তাণ্ডৱ চলাই আহিছে বন্যহস্তীয়ে ৷ বন্যহস্তীৰ এনে উপদ্ৰৱৰ ফলত গোটেই নিশা গাঁও বাসীয়ে পহৰা দিব লগা হয় গাঁওখন । উল্লেখ্য যে, বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰান বিচাৰি এই ক্ষেত্ৰত নতুন চৰকাৰৰ ওচৰত আহ্বান জনাইছে গাঁওবাসীয়ে ৷
লগতে পঢ়ক: ধুবুৰীত ধোঁৱাচাঙত ক’ভিড প্ৰট’কল