ETV Bharat / state

উন্নয়নৰ ফোপোলা স্বৰূপ উদাঙাইছে গোৱালপাৰা স্বাস্থ্যকেন্দ্ৰই - Doctor crisis at Goalpara Primary Health Centre

গোৱালপাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত প্ৰতি 200/250 জন ৰোগীৰ বিপৰীতে নগণ্য সংখ্যক চিকিৎসক ৷ সপ্তাহত ২/৩ দিনহে স্বাস্থ্যকেন্দ্ৰত উপস্থিত থাকে চিকিৎসক ৷

গোৱালপাৰা
গোৱালপাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ফোপোলা স্বৰূপ
author img

By

Published : Mar 18, 2020, 12:13 PM IST

Updated : Mar 18, 2020, 12:42 PM IST

গোৱালপাৰা, 18 মাৰ্চ : গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত চিৰাকুটি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰই উদঙাইছে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ফোপোলা স্বৰূপ ৷ চিকিৎসকৰ ৰূপত ফাৰ্মাচিষ্টে ৰোগী চোৱা-চিতা কৰি আহিছে স্বাস্থ্যকেন্দ্ৰটোত ৷ এই সমষ্টিটোত বছৰ বছৰ ধৰি চিকিৎসাৰ নামত অৱহেলিত হৈ আহিছে সাধাৰণ ৰাইজ ।

গোৱালপাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ

এটা সময়ত এইখন স্বাস্থ্যকেন্দ্ৰত প্ৰতিদিনে প্ৰায় ২০০/২৫০ ৰোগী চিকিৎসাৰ বাবে আহিছিল যদিও স্বাস্থ্যকেন্দ্ৰটোৰ বৰ্তমানৰ অৱস্থা দেখি প্ৰতিদিনে প্ৰায় ৬০/৭০ জন ৰোগীহে উপস্থিত হয় । কিয়নো স্বাস্থ্যকেন্দ্ৰখনত চিকিৎসকৰ সংখ্যাও নগণ্য । ইয়াৰোপৰি, চিকিৎসক সকলে সপ্তাহত ২/৩ দিনহে স্বাস্থ্যকেন্দ্ৰখনত উপস্থিত থাকে ৷ বাকী কেইদিন স্বাস্থ্যকেন্দ্ৰখনৰ ফাৰ্মাচিষ্ট গৰাকীয়ে ৰোগীৰ চোৱা-চিতা কৰে । স্বাস্থ্যকেন্দ্ৰখনত সন্তান প্ৰসৱৰ ব্যৱস্থা আছে যদিও সেয়া অব্যৱহৃত হৈ ৰৈছে ।

ইয়াৰ ফলত প্ৰসূতিসকলে গোৱালপাৰা আৰু লক্ষীপুৰ যাব লগা হয় । এই সমস্যা সমাধানৰ বাবে ৰাইজে চৰকাৰলৈ আহ্বান জনাইছে ৷

আৰু পঢ়ক : কৰ’ণা ভাইৰাছৰ বাবে বহিঃৰাজ‍্যৰ যাত্ৰীৰ সুৰক্ষা সন্দৰ্ভত নজৰ ৰঙিয়া ৰে’ল বিভাগৰ

Last Updated : Mar 18, 2020, 12:42 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.