ETV Bharat / state

গোৱালপাৰাৰ এটা বিধ্বস্ত পথ : গড়কাপ্টানী বিভাগৰ গুৰুত্বহীনতা ! - গড়কাপ্টানী বিভাগ

বাৰিষাৰ আগমনৰ প্ৰথম অৱস্থাতে গোৱালপাৰা এই পথটোৰ বাবে পথচাৰীৰ জ্বলা কলা ৷

গোৱালপাৰাৰ এটা বিধ্বস্ত পথ
author img

By

Published : May 1, 2019, 3:15 PM IST

গোৱালপাৰা , 01 এপ্ৰিল : গোৱালপাৰা জিলাৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ অধীনস্থ এটা বিধ্বস্ত পথ ৷ গড়কাপ্টানী বিভাগ আৰু স্থানীয় জনপ্ৰতিনিধিৰ পথছোৱাৰ উন্নয়নত তিল মানো সদিচ্ছা নথকাৰ অভিযোগ ৷

গোৱালপাৰাৰ এটা বিধ্বস্ত পথ

গোৱালপাৰা জিলাৰ অন্তৰ্গত লক্ষীপুৰৰ পৰা হাসডোবা হৈ খলিচাভিটা লৈ যোৱা জৰাজীৰ্ণ পথটোৰ বাবে সাধাৰণ ৰাইজে জ্বলা-কলা খাবলগীয়া হৈছে ৷ পথটোৰ লক্ষীপুৰৰ পৰা ধুমেৰঘাটলৈকে প্ৰায় 15 কিলোমিটাৰ সম্পূৰ্ণ বিধ্বস্ত ৷ মেৰামতিৰ অভাৱত পথটোত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে বুলি জনাই স্থানীয় ৰাইজে ৷ যাৰ ফলত আজি বিধ্বস্ত পথটোত এখনৰ পিছত এখন বাহন আবদ্ধ হ'ব লগীয়া হয় ৷ স্থানীয় ৰাইজে এই বিধ্বস্ত পথৰ সন্দৰ্ভত স্থানীয় জনপ্ৰতিনিধি তথা গোৱালপাৰা জিলা গড়কাপ্টানী বিভাগক বাৰম্বাৰ জনোৱা পাচতো গোৱালপাৰা জিলা গড়কাপ্টানী বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

Intro:এক ভয়ঙ্কৰ যাত্ৰা। সমগ্ৰ পথছোৱা বিধ্বস্ত। পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাত ।উন্নয়নত তিল মানো সদিচ্ছা নাই গড়কাপ্টানী বিভাগৰ নতুবা স্থানীয় জনপ্ৰতিনিধিৰ। এক Report. Body:গোৱালপাৰা জিলাৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ অধীনস্থ এই পথছোৱা প্ৰত্যক্ষ কৰক।লক্ষীপুৰৰ পৰা হাসডোবা হৈ খলিচাভিটা লৈ যোৱা পথ। পথটোৰ লক্ষীপুৰৰ পৰা ধুমেৰঘাট প্ৰায় ১৫ কিঃ মিঃ পথ সম্পূৰ্ণ বিধ্বস্ত। সমগ্ৰ পথত গাত। ফলত আজি এইদৰে পথত আবদ্ধ হব লগা হল এখনৰ পিছত এখন বাহন।বাৰিষাৰ আগমনৰ প্ৰথম অৱস্থাত এই জ্বলা কলা পথচাৰীৰ।এক ভয়ঙ্কৰ যাত্ৰা অব্যাহত বছৰৰ পিছত বছৰ। Conclusion:স্থানীয় ৰাইজে বাৰম্বাৰ দাবী জনোৱাৰ পিছতো নাপালে কোনো সুফল। গোৱালপাৰা জিলা গড়কাপ্টানী বিভাগ কি স্থানীয় বিধায়ক কাৰোৱেই যেন কৰিবলগীয়া একো নাই। ফলত এই অৱস্থা স্থানীয় ৰাইজৰ।
বেদীশ নাথ
পশ্চিম গোৱালপাৰা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.