গোৱালপাৰা, 28 এপ্ৰিল : এনকাউন্টাৰৰ ভয়ে খেদি ফুৰিছে নেকি ৰাজ্যৰ অপৰাধ জগতখনৰ সৈতে জড়িত সকলক ? যোৱা প্ৰায় এটা বছৰ ধৰি ইটোৰ পিচত সিটো এনকাউন্টাৰে জোঁকাৰি গৈছে ৰাজ্যখনক (Encounter in Assam) ৷ উল্লেখযোগ্য যে, যোৱা ১ এপ্ৰিলত পাইকানত সংঘটিত হোৱা এটা ডকাইতিৰ ঘটনাৰ লগত জড়িত হৈ থকাৰ অভিযোগ আছে নজমল হক নামৰ এটা ডকাইতৰ বিৰুদ্ধে ।
সেই নিশাই আৰক্ষীৰ এনকাউন্টাৰত নিহত হৈছিল বিভিন্ন ডকাইতিৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ থকা তিনিটাকৈ ডকাইত (Three dacait killed in encounter in Assam) ৷ ইয়াৰ মাজৰ পৰাই আৰক্ষীৰ চকুত ধুলি দি পলাই সাৰি গৈছিল নজমল ৷ পিছে পলাই সাৰি গৈছিল যদিও ভয়মুক্ত হোৱা নাছিল নজমল ৷ এক কথাত আৰক্ষীৰ এনকাউন্টাৰৰ ভয়েই হয়তো ভূত হৈ খেদিছিল নজমলক ৷ ইপিনে নজমলক বিচাৰি আৰক্ষীয়ে চলোৱা অভিযানবোৰতো আছিলেই ৷
অৱশেষত, এই সকলো ভয়ৰ পৰা মুক্ত হোৱাৰ এটাই পথ বিচাৰি পালে অভিযুক্ত ডকাইতটোৱে ৷ আৰক্ষীৰ অভিযান আৰু অপেক্ষাৰ অন্ত পেলাই বৃহস্পতিবাৰে আত্মসমৰ্পন কৰে নজমলে (Dacait surrendered in Goalpara) ৷
গোৱালপাৰা জিলাৰ উপায়ুক্ত মিনাক্ষী দাস নাথ আৰু আৰক্ষী অধীক্ষক ভি ভি এচ ৰাকেশ ৰেড্ডীৰ উপস্থিতিত আত্মসমৰ্পন কৰে নাজমলে ৷ বহু অপৰাধমূলক কাৰ্যৰ লগত জড়িত থকাৰ অভিযোগ আছে নজমল হকৰ বিৰুদ্ধে । জিলাখনৰ আগিয়া, কৃষ্ণাই আদি থানাত আছে নজমলৰ বিৰুদ্ধে আছে বহু গোচৰ । বৰপেটা জিলাৰ আলোপতি চৰৰ নজমল হকৰ এই আত্মসমৰ্পনৰ পিছতে এতিয়া নিশ্চিতভাৱে বহু পৰিমাণে সকাহ পাইছে এক বৃহৎ অঞ্চলৰ ৰাইজে ৷
লগতে পঢ়ক : গুৱাহাটীত উপস্থিত GMCH ৰ শিশু সন্ধানহীন ঘটনাৰে নাম সাঙোৰ খোৱা বিভাৰাণী ঠাকুৰীয়া