গোৱালপাৰা, 18 মে’ : পুনৰ গো মাংসৰ বিতৰ্ক (Tense situation in Goalpara) ৷ গো মাংসক কেন্দ্ৰ কৰি গোৱালপাৰা জিলাৰ হুৰকাচুঙিৰ এখন বিদ্যালয় চৌহদত সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ ৷ কিয়নো হুৰকাচুঙি এম ই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয়লৈ আনিছিল গো মাংস (Head teacher brings beef to school) ৷ জানিব পৰা মতে, প্ৰধান শিক্ষয়ত্ৰীগৰাকীৰ নাম ডালিমন নেছাক ৷
তথ্য অনুসৰি, মঙলবাৰে হুৰকাচুঙি এম ই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ডালিমন নেছাকে গুণোৎসৱৰ মাজতে বিদ্যালয়লৈ আনিছিল গো মাংস ৷ এই কথা গম পাই বিদ্যালয়খনৰ চৌহদত সৃষ্টি হৈছে এক হুলস্থূলীয়া পৰিৱেশৰ ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰীগৰাকীৰ এই কৰ্মকাণ্ডত এতিয়া ক্ষুভিত হৈ পৰে অঞ্চলটোৰ ৰাইজ ৷
তাৰ পাচতেই খবৰ দিয়া হয় আৰক্ষীক ৷
পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় লক্ষীপুৰ থানাৰ আৰক্ষীৰ এটা দল ৷ আৰক্ষীৰ দলটোৱে বিদ্যালয়ত গো মাংস অনাৰ অপৰাধত সোধ পোচৰ বাবে আটক কৰি থানালৈ লৈ যায় প্ৰধান শিক্ষয়ত্ৰী ডালিমন নেছাক ।
লগতে পঢ়ক : প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক 'পাগল'-'গাধ' আখ্যা নীলমণিৰ