গোৱালপাৰা, 7 মাৰ্চ : গোৱালপাৰাত অৱ্যাহত আছে কংগ্ৰেছ-এআইইউডিএফ'ৰ প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাত। কংগ্ৰেছ-এআইইউডিএফ'ৰ দলৰ মিত্ৰজোঁট অনুসৰি ৩৭নং গোৱালপাৰা পূৱ বিধানসভা সমষ্টিত কংগ্ৰেছ দলক এৰি দিয়াত ক্ষুব্ধ হৈ পৰিছে এআইইউডিএফ'ৰ তৃণমূল কৰ্মীসকল ।
সমষ্টিটো কংগ্ৰেছ দলক এৰি দিয়াৰ পাছতে ঠায়ে ঠায়ে প্ৰতিবাদমূখৰ হৈ পৰিছে এ.আই.ইউ.ডি.এফ দলৰ কৰ্মীসকল । তাৰ সমান্তৰালকৈ আজি পূৱ গোৱালপাৰাৰ আয়নাল বজাৰ, ডেকঢোৱা আদি অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰে এ.আই.ইউ.ডি.এফ'ৰ তৃণমুল কৰ্মীসকলে ।
সমষ্টিটো এআইইউডিএফ সাংগঠনিকভাৱে অতি শক্তিশালী হৈ উঠাৰ পাচতো সমষ্টিটোত কংগ্ৰেছ দলক এৰি দিয়াত ক্ষোভিত কৰ্মীসকলে ৰাজপথত বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে এআইইউডিএফ জিন্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।
লগতে পঢ়ক: তেজপুৰত অগপ শূন্য: বৃন্দাবন গোস্বামীৰ সমৰ্থকে জ্বলাই দিলে দলৰ নথি-পত্ৰ