গোৱালপাৰা, 22 জুন : ৰাজ্যজুৰি বানৰ বিভীষিকাৰ মাজতে গোৱালপাৰাৰ কাছাৰী ঘাটত এগৰাকী আৰক্ষী কনিষ্টবলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ মৃত কনিষ্টবলগৰাকীৰ নাম সন্তোষ কুমাৰ দাস বুলি জানিব পৰা গৈছে ৷ আৰক্ষী কনিষ্টবলগৰাকী ডুবাপাৰা আৰক্ষী পহৰা চকীত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে ৷ মৃত সন্তোষ কুমাৰ দাসৰ ঘৰ গোৱালপাৰা চহৰৰ পাহাৰতলীত।
জানিব পৰা মতে, সন্তোষ কুমাৰ দাসে চলিত মাহৰ ১২ তাৰিখে ছুটী লৈ নিজ ঘৰলৈ উভতিছিল ৷ জুন মাহৰ ১৭ তাৰিখৰ সন্ধিয়াৰ পৰা নিজ সন্ধানহীন হৈ আছিল দাস।পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান পোৱা নাছিল ৷ উপায়ন্তৰ হৈ গোৱালপাৰা চহৰ আৰক্ষী থানাত নিৰুদ্দেশ সন্দৰ্ভত এখন ২১ জুন তাৰিখে এজাহাৰ দাখিল কৰিছিল।
আৰক্ষীৰ লোকেও এজাহাৰৰ ভিত্তিত জিলাখনৰ বিভিন্ন ঠাইত খবৰ লৈছিল যদিও কোনো সন্ধান পোৱা নাছিল কনিষ্টবল গৰাকীৰ। হঠাৎ আজি অৰ্থাৎ বৃহস্পতিবাৰৰ বিয়লি ভাগত গোৱালপাৰা চহৰ আৰক্ষী থানাৰ নিচেই কাষতে এটা মৃতদেহ ব্ৰহ্মপুত্ৰ নদীত ওপঙি থকা প্রত্যক্ষ কৰে স্থানীয় ৰাইজে। লগে লগে অঞ্চলটোত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷
স্থানীয় ৰাইজে মৃতদেহটো প্রত্যক্ষ কৰি গোৱালপাৰা চহৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক অৱগত কৰাৰ লগে লগে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ সন্তোষ কুমাৰ দাসৰ মৃত্যুদেহ বুলি চিনাক্ত কৰে। পিচত ঘটনাস্থলীত পঞ্চৰত্ন নদী আৰক্ষীয়ে NDRF আৰু SDRF বাহিনীৰ সহযোগত ব্ৰহ্মপুত্ৰ নদীৰ পৰা ভটভটি নাৱৰে মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
উদ্ধাৰকাৰী দলকেইটা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, আৰক্ষী কনিষ্টবল সন্তোষ কুমাৰ দাসে নদীত জাপ দি আত্মহত্যা কৰিলে নে আন কোনোবাই হত্যা কৰি মৃতদেহটো নদীত পেলাই দিছিল সেই কথা স্পষ্ট হোৱা নাই ৷ মৰণোত্তৰ পৰীক্ষাৰ পিচতহে স্পষ্ট হ’ব এয়া হত্যা নে আত্মহত্যা।