গোৱালপাৰা, 27 নৱেম্বৰঃ গোৱালপাৰা জিলাৰ বলদমাৰী চৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ফৰেষ্ট গেটৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ মাজত শুক্ৰবাৰে কম্বল বিতৰণ কৰে বেচৰকাৰী সংস্থা মাহ (MAH) ফাউণ্ডেশ্যনৰ মুখ্য সঞ্চালক আমিনুল হকে । সাংবাদিকে জানিবলৈ দিয়া অনুসৰি প্ৰায় 100 টা পৰিয়ালৰ মাজত কম্বল বিতৰণ কৰে আমিনুল হকে ৷
![blangket distrubute frm aminul houq](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-gol-27nov-801-kombol-distribute-visbytephoto-as10022_27112020141619_2711f_1606466779_435.jpg)
আমিনুল হকে বিগত কেইবা মাহ ধৰি আৰ্থিক ভাৱে পিছ পৰা লোক সকলক সহায়ৰ হাত আগবঢ়াই আহিছে ৷ দৰিদ্ৰ লোকৰ প্ৰতি আমিনুল হকৰ এই মহানুভৱতাক সকলোৱে শলাগ জনাইছে ৷