ETV Bharat / state

Bank employees protest in Assam : গোৱালপাৰাত অচল বেংকৰ কাম কাজ - ব্যক্তিগতকৰণৰ বিৰূদ্ধে অসমত বেংক কৰ্মচাৰীৰ প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয়কৃত বেংক ব্যক্তিগতকৰণৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে বৃহস্পতিবাৰে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে বেংক কৰ্মচাৰীসকলে ৷ সমগ্ৰ দেশৰ লগতে অসমতো বেংক কৰ্মচাৰীসকলে প্ৰতিবাদ(Bank employees protest in Assam) সাব্যস্ত কৰি বেংকৰ কাম-কাজ বন্ধ ৰাখে ৷

Bank employees protest in Assam
বেংক কৰ্মচাৰীৰ প্ৰতিবাদ
author img

By

Published : Dec 16, 2021, 6:45 PM IST

গোৱালপাৰা, 16 ডিচেম্বৰ : গোৱালপাৰা এছ বি আই বেংকৰ বিষয়া-কৰ্মচাৰীসকলে বৃহস্পতিবাৰে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । ৰাষ্ট্ৰীয়কৃত বেংক ব্যক্তিগতকৰণ(Privatization of Public Sector Banks)ৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধীতা কৰি বেংক কৰ্মচাৰীসকলে পালন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ গোৱালপাৰা এছ বি আই বেংকৰ বিষয়া-কৰ্মচাৰীসকলে এই প্ৰতিবাদী কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা বেংকৰ সন্মুখত ৰূপায়ন কৰে ধৰ্মঘট কাৰ্যসূচী(Bank Employees Strike) ৷

ৰাষ্ট্ৰীয়কৃত বেংক ব্যক্তিগতকৰণৰ বাবে লোৱা সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত বেংক কৰ্মচাৰীসকলে ঐক্যৱদ্ধভাৱে ১৬ আৰু ১৭ ডিচেম্বৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ সিদ্ধান্ত লয় ৷ বেংক কৰ্মচাৰীৰ প্ৰতিবাদৰ ফলত এই দুদিন স্তব্ধ হৈ পৰিব বেংকসমূহৰ সকলো কাম-কাজ ৷ উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ বেংকৰ নতুন সংশোধন আইনখনৰ বিৰোধিতা কৰি আহিছে বেংকৰ বিষয়া কৰ্মচাৰীসকলে ।

বেংক কৰ্মচাৰীৰ প্ৰতিবাদ

এই আইনখনৰ জৰিয়তে সাধাৰণ জনতাৰ লগত জড়িত বেংকসমূহ পুঁজিপতিৰ হাতলৈ হস্তান্তৰ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে । ইয়াৰ ফলত দেশৰ অৰ্থনীতি সম্পূৰ্ণ ৰূপ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে বহু ব্যক্তিগত বেংক বন্ধও হৈ গৈছে । সেয়ে এই আইনখনৰ বিৰোধিতা কৰি দুদিনীয়া ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে বেংকৰ কৰ্মচাৰী তথা বিষয়াসকলে ৷

লগতে পঢ়ক : Bank employees protest in Assam : বেংক ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.