গোৱালপাৰা ,12 মাৰ্চ : দেশত এফালেমুকলি যাতায়তৰ হাজাৰ হাজাৰ কোটি টকীয়া আঁচনি আনহাতে এম্বুলেন্সৰ অভাৱত মৃত্যু ৰোগীৰ । বাট-পথৰ দুৰৱস্থাৰ বাবে নচলে এম্বুলেন্স । খোজকাঢ়ি স্বাস্থ্যকেন্দ্ৰলৈ অনা শিশুৰ চিকিৎসা প্ৰদানৰ পূৰ্বেই মৃত্যু ।
গোৱালপাৰা আৰু বৰপেটা জিলাৰ সীমান্তৰ খোলাবন্ধ গাঁৱত সামান্য ডায়েৰীয়াত ভূগিয়ে চিকিৎসাৰ অভাৱত মৃত্যু ঘটিল এটি শিশুৰ । গাঁওখনৰ শ্বাহ আলমৰ চাৰিমহীয়া পুত্ৰ মকিবুল হক ডায়েৰীয়াত আক্ৰান্ত হোৱাত পৰিয়ালবৰ্গই প্ৰথমে লৈ যায় আলোপতি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ । কিন্তু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শিশুটি আৰোগ্য নোহোৱাত পৰিয়ালৰ লোকে শিশুটিক নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নিবলৈ প্ৰায় দুঘণ্টা খোজকাঢ়ি যাব লগীয়া হয় । কাৰণ বাট পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোত প্ৰায়েই নচলে এম্বুলেঞ্চ। যাৰ বাবে কৰুণ ভাৱে মৃত্যু ঘটিল এটি চাৰিমহীয়া শিশুৰ ।