ETV Bharat / state

বাঁহৰ সাঙী আৰু বাঁহৰ দলঙেই য’ত ভৰসা ! - নগৰবেৰা

পুনৰ দেশত আৰম্ভ হৈছে লোকসভা নিৰ্বাচন ৷ লগতে আৰম্ভ হৈছে পৰিৱৰ্তনৰ শ্লোগান ৷ কিন্তু প্ৰকৃতাৰ্থত কিমান পৰিৱৰ্তন হ'ল ৰাজ্যৰ গ্ৰামাঞ্চলৰ ?

উন্নয়নৰ মুখ নেদেখা নগৰবেৰাৰৰ এটা অঞ্চল
author img

By

Published : Apr 14, 2019, 1:28 PM IST

গোৱালপাৰা , 14 এপ্ৰিল : দেশত আৰম্ভ হৈছে লোকসভা নিৰ্বাচন ৷ সভাই সমিতিয়ে ৰাজনৈতিক নেতা সকলে বোৱাইছে প্ৰতিশ্ৰুতিৰ বন্যা ৷ কিন্তু ৰাজনৈতিক নেতা সকলৰ প্ৰতিশ্ৰুতি বাস্তৱত কিমান ৰূপ দিয়ে তাৰে এক উদাহৰণ দেখা গ'ল গোৱালপাৰা জিলাৰ নগৰবেৰাত ৷ বাঁহৰ সাঙীৰে এগৰাকী ৰোগীক বিপদসংকুল ভাৱে এখন বাঁহৰ দলঙৰে পাৰ কৰি চিকিৎসালয়লৈ বুলি কঢ়িয়াই নিলে পৰিয়ালৰ লোকে ৷

উন্নয়নৰ মুখ নেদেখা নগৰবেৰাৰৰ এটা অঞ্চল

বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ খোলাবান্দাৰ পৰা দুখনকৈ নদী পাৰহৈ প্ৰায় 7-8 কিলোমিটাৰ কান্ধত কঢ়িয়াই পৰিয়ালৰ লোকে ৰোগী গৰাকীক লৈ যায় নগৰবেৰাৰ ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ ৷ এয়া বিজেপি সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে পোন্ধৰ বছৰ প্ৰতিনিধিত্ব কৰা গুৱাহাটী লোকসভা সমষ্টিৰ নগৰবেৰাৰ দৃশ্য ৷ আচলতে দক্ষিণ বৰপেটাৰ চৰাঞ্চল আৰু কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰাৰ গ্ৰামাঞ্চল সমুহত পৰ্যাপ্ত সুবিধাযুক্ত চিকিৎসালয় তথা এম্বুলেঞ্চৰ সুবিধা নাই বুলি জানিব দিয়ে গাঁওবাসীয়ে ৷ ফলত এই অঞ্চলসমুহৰ ৰোগীক নিব লগীয়া হয় নগৰবেৰা স্বাস্থ্য কেন্দ্ৰলৈ ৷ গাঁওবাসীৰ অভিযোগ অনুসৰি এখন এম্বুলেঞ্চৰ অভাৱত ঠেলা ঘোঁৰা গাড়ী কিম্বা ভাৰবান্ধি কামৰূপ জিলাৰ নগৰবেৰাৰ গ্ৰামাঞ্চলৰ লোকে ৰোগীক চিকিৎসালয়লৈ কঢিয়ায় লৈ যায় ৷ ইয়াৰোপৰি বাট পথৰ দুৰৱস্থা আৰু চিকিৎসালয়ত ৰোগী অনুপাতে চিকিৎসক নথকাৰ বাবে গাঁওবাসীয়ে যমৰ যাতনা ভোগ কৰি আহিছে বুলি অভিযোগ দিয়ে ৷ আনহাতে ৰোগীজনক পাৰ কৰা জলজলী নৈৰ ওপৰত থকা বাঁহৰ দলংখন গাঁওবাসীয়ে গাঠিৰ ধন ভাঙি কৰি নিৰ্মাণ কৰা বাঁহৰ দলং বুলি জানিবলৈ দিয়ে ৷ এতিয়া প্ৰশ্ন হয় পৰিৱৰ্তনৰ শ্লোগানেৰে গাদী দখল কৰা চৰকাৰ খনৰ চকুত পৰিবনে এইসমূহ দৃশ্য ৷

Slug=Nagarbera =Hanggi & Role of political leader (Exclusive) vis+byte send FTP.14.04.19
Anchor.. দেশত আৰম্ভ হৈছে লোকসভা নিৰ্বাচন।এতিয়া অলিয়ে গলিয়ে পিটপিটাই ফুৰিছে জনপ্ৰতিনিধি সকল।সভাই সমিতিয়ে বোৱাইছে প্ৰতিশ্ৰুতিৰ বন্যা।কিন্তু ৰাজনৈতিক নেতা সকলৰ প্ৰতিশ্ৰুতি বাস্তৱত কিমান ৰূপ দিয়ে।আজি আমি দেখুৱাম স্বাধীন ভাৰতৰ এটি দুখলগা ছবি।চাওক এই সন্দৰ্ভত আমাৰ এক Exclusive  ৰিপৰ্ট
V. O.. পৰিৱৰ্তনৰ শ্লোগানেৰে গাদী দখল কৰি পাচটা বছৰ পাৰ কৰিলে মোদী চৰকাৰে।ইয়াৰ পূৰ্বে সূদীৰ্ঘ সময় দেশখন শাসন কৰিলে কংগ্ৰেছ চৰকাৰে।পুনৰ দেশত আৰম্ভ হৈছে লোকসভা নিৰ্বাচন।পুনৰ পৰিৱৰ্তনৰ শ্লোগান আৰম্ভ হৈছে বিজেপি ৰ।পিছপৰি থকা নাই কংগ্ৰেছ কিম্বা আন আন ৰাজনৈতিক দলেও।প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনী সভা সমিতিত বন্যা বোৱাই দিছে প্ৰতিশ্ৰুতিৰ।কিন্তু প্ৰকৃতাৰ্থত ৰাজ্যৰ গ্ৰামাঞ্চলত পৰিৱৰ্তন হলনে?উন্নয়নৰ মুখ দেখিলেনে গ্ৰামাঞ্চলৰ লোকে?? 
এইবাৰ এই দৃশ্য লৈ মন কৰক।বাহৰ সাঙীৰে এগৰাকী ৰোগীক এখন বাহৰ দলঙেৰে পাৰ কৰিছে।লৈ যাব চিকিৎসালয়লৈ বুলি।প্ৰায় ৭/৮ কি মি পথ এনেদৰে ভাৰবান্দি কান্দতকৰিয়েই লৈ আহিছে ৰোগীজনক।মাজত আকৌ পাৰ হৈছে দুটাকৈ নদী। এই দুখ লগা দৃশ্য এইখন অসম মূলকৰে।হয়, এই দৃশ্য বিজেপি সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে পোন্ধৰ বছৰ প্ৰতিনিধিত্ব কৰা সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ নগৰবেৰাৰ দৃশ্য।বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ খোলাবান্দাৰ পৰা এই গৰাকী ৰোগীক এইদৰে নিয়া হব নগৰবেৰাৰ ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ।আচলতে দক্ষিণ বৰপেটাৰ চৰাঞ্চল আৰু কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰাৰ গ্ৰামাঞ্চল সমুহত নাই পৰ্যাপ্ত সুবিধাযুক্ত চিকিৎসালয়,নাই এম্বুলেঞ্চ ফলত এই অঞ্চলসমুহৰ ৰোগীক নিব লগীয়া হয় নগৰবেৰা স্বাস্থ্য কেন্দ্ৰলৈ।আৰু এয়া এদিন দুদিনৰ দৃশ্য নহয়। প্ৰায়ে এইসকল লোকে এইদৰেই নিয়ে ৰোগী। এই দৃশ্য দেখাৰ পাছত হয়তো আপোনাক আৰু কোৱাৰ প্ৰয়োজন নাই উন্নয়ন কিমান হৈছে।স্বাধীনতাৰ ৭০ টা বছৰ পাৰ হোৱাৰ পাছতো এইদৰেই এটা এম্বুলেঞ্চৰ অভাৱত ঠেলা ঘোডা গাড়ী কিম্বা ভাৰবান্দি ৰোগী কঢিয়ায় কামৰুপ জিলাৰ নগৰবেৰাৰ গ্ৰামাঞ্চলৰ লোকে।
কেৱল এয়াই নহয় বাট পথৰ দুৰৱস্থা, চিকিৎসালয়ত ৰোগী অনুপাতে চিকিৎসক নথকাৰ বাবেই আজিলৈ যমৰ যাতনা ভোগ কৰিছে নগৰবেৰা বাসীয়ে।
V. O.. পুনৰ দৃশ্যটিলৈ মন কৰক ভাৰবান্দি ৰোগীজনক পাৰ কৰিছে এখন বাহৰ দলং। এইখন হৈছে নগৰবেৰাৰ DBRP পাৰঘাটত জলজলী নৈৰ ওপৰত ৰাইজে গাঠিৰ ধন খৰছ কৰি নিৰ্মান কৰা বাহৰ দলং।চৰকাৰৰ বঞ্চনাৰ বাবেই ৰাইজে উপায়ন্তৰ হৈ এই বাহৰ দলংখন নিৰ্মান কৰাৰ বাবে আজি বিপদমুক্ত ভাৱে অঞ্চলটোৰ হাজাৰ হাজাৰ লোকে জলজলী নদী খন পাৰাপাৰ হব পাৰিছে।
স্বাধীনতাৰ ৭০ টা বছৰে কংগ্ৰেছ আৰু বিজেপি দলৰ জন প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰিলে গুৱাহাটী লোকসভা সমষ্টিটো কিন্তু আজিলৈকে এই স্থানত নিৰ্মাণ নহল এখন পকী দলং।
Byte.. Local people
এতিয়া প্ৰশ্ন হয়, ৰাইজে নিৰ্বাচন কৰা জনপ্ৰতিনিধি সকল কিয় বুজি নাপয় ৰাইজৰ দুখ? কেতিয়া প্ৰকৃত পৰিৱৰ্তনৰ মুখ দেখিব নগৰবেৰাৰ গ্ৰামাঞ্চলৰ ৰাইজে??
গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.