ETV Bharat / state

Assam Satra Mahasabha Controversy: অসম সত্ৰ মহাসভাত মেৰু বিভাজন; একাংশৰ ক্ষোভ - Asom Satra Mahasabha Divided

দুই মেৰুত বিভক্ত অসম সত্ৰ মহাসভা । বিভাজনমুখী হৈ পৰিছে অসম সত্ৰ মহাসভা । সংবাদমেলত সত্ৰ মহাসভাৰ গোৱালপাৰা জিলা সমিতি আৰু অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ ক্ষুৰধাৰ সমালোচনা (controversy in Assam Satra Mahasabha) ।

অসম সত্ৰ মহাসভাত মেৰু বিভাজন
Assam Satra Mahasabha Controversy
author img

By

Published : Feb 20, 2023, 6:50 PM IST

অসম সত্ৰ মহাসভাত মেৰু বিভাজন

গোৱালপাৰা, ২০ ফেব্ৰুৱাৰী : অসম সত্ৰ মহাসভাৰ মাজ চলি থকা বিতৰ্কই চূড়ান্ত ৰূপ ধাৰণ কৰিছে (Assam Satra Mahasabha controversy) । যাৰ ফলত অসম সত্ৰ মহাসভা দুটা ভাগত বিভক্ত হোৱাটো চূড়ান্ত হৈ পৰিছে । এক কথাত ক'বলৈ গ'লে বৰ্তমান বিভাজনৰ দিশে আগবাঢ়িছে অসম সত্ৰ মহাসভা (Dividation in Assam Satra Mahasabha) । এক সংবাদমেলত অসম সত্ৰ মহাসভাৰ গোৱালপাৰা জিলা সমিতি আৰু অভ্যৰ্থনা সমিতিৰ ক্ষুৰধাৰ সমালোচনা সত্ৰ মহাসভাক (Assam Satra Mahasabha Goalpara session) । এই সংবাদমেলতে অসম সত্ৰ মহাসভাত বিভাজনৰ ইংগিত প্ৰায় স্পষ্ট হৈ পৰিছে ।

উল্লেখ্য, গোৱালপাৰা জিলাৰ বগুৱানত অনুষ্ঠিত হৈ যোৱা অসম সত্ৰ মহাসভাৰ ৫২ সংখ্যক পূৰ্ণকালীন অধিবেশনৰ পিছতে অসম সত্ৰ মহাসভাত ফাঁট মেলা আৰম্ভ হৈছে । ইতিমধ্যে সত্ৰ মহাসভাৰ মাজত সৃষ্টি হোৱা মতানৈক্যৰ বাতৰিও এক সংবাদ-পত্ৰত প্ৰকাশ পাইছে । ইয়াৰ পিচতে সত্ৰ মহাসভাৰ গোৱালপাৰা জিলা সমিতি আৰু পূৰ্ণকালীন অধিবেশনৰ অভ্যৰ্থনা সমিতিয়ে আয়োজন কৰে এক সংবাদমেল । এই সংবাদমেলযোগে গোৱালপাৰা জিলা আৰু অভ্যৰ্থনা সমিতিয়ে কয় যে, অধিবেশনৰ বিষয় বাচনি সভাত কিছু সংখ্যক ক্ষমতালোভী, পদলোভী অথবা সংকীৰ্ণ আঞ্চলিকতাবাদত বিশ্বাস কৰা ব্যক্তিৰ বক্তব্যই সভাৰ পৰিস্থিতি উত্তপ্ত কৰে তোলে ।

অৱশ্যে কেন্দ্ৰীয় সমিতিৰ আইনী উপদেষ্টা মনু বৰুৱাৰ পৰামৰ্শ আৰু গৰিষ্ঠ সংখ্যক লোকৰ সমৰ্থনত পূৰ্বৰ সমিতিখনকে বাহাল ৰখা হয় । ইয়াৰ পিচতে কাৰ্যকৰী সভাপতি হৰিদেৱ গোস্বামীয়ে কেইজনমান অনুগামীক লগত লৈ সভাকক্ষ ত্যাগ কৰাৰ লগতে নিজকে বিসম্বাদৰ স্বয়ম্ভূ নেতা হিচাপে আত্মপ্ৰকাশ কৰায় । আনহাতে, তেওঁৰ নেতৃত্বতে নিয়ম বহিঃৰ্ভূতভাৱে বিভাজনৰ নীতি প্ৰৱৰ্তন কৰি দ্বিতীয়খন অসম সত্ৰ মহাসভা গঠন কৰে বুলি ঘোষণা কৰে । অসম সত্ৰ মহাসভাক এইদৰে দ্বিখণ্ডিত কৰা সিদ্বান্তক গোৱালপাৰা জিলা সত্ৰ মহাসভই ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে গৰিহণা দিয়ে ।

উল্লেখ্য যে অসম সত্ৰ মহাসভাৰ ৫২ সংখ্যক পূৰ্ণাংগ বাৰ্ষিক অধিবেশন বিগত ৯ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে গোৱালপাৰা জিলাৰ বগুৱানৰ কেৱলীয়া হাটি সত্ৰত অনুষ্ঠিত হৈ যায় । কিন্তু এই অধিবেশনত সত্ৰ মহাসভাৰ মাজত বিষয়কেন্দ্ৰিক বিবাদৰ সূত্ৰপাত হয় । যাৰ ফলত দুটা ভাগত বিভক্ত হৈ পৰে অসম সত্ৰ মহাসভা (Asom Satra Mahasabha Divided)। আনহাতে, মহাসভাৰ সভাপতি আৰু প্ৰধান সম্পাদকৰ মইমতালিৰ অভিযোগ আনি একাংশ

বিষয়ববীয়াই পদত্যাগ কৰে । সত্ৰ মহাসভাৰ পৰা পদত্যাগ কৰে কাৰ্যকৰী সভাপতি তথা মাজুলীৰ গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে (Satradhikar Haridev Goswami) । পৰৱৰ্তী সময়ত এক সংবাদমেলত মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী, প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তৰ বিৰুদ্ধে সাংবিধানিক নিয়ম ভংগৰ অভিযোগো উত্থাপন কৰে একাংশ ক্ষুব্ধ বিষয়ববীয়াই । বিশেষকৈ ধৰ্মীয় আগ্ৰাসন, জাতি সংস্কৃতিৰ উত্তৰণৰ বাবে সাংস্কৃতিক আৰু সামাজিক সুস্থ বাতাবৰণ সৃষ্টি কৰাত সত্ৰ মহাসভাৰ কৰণীয় বহুত আছে বুলি উল্লেখ কৰে তেওঁলোকে ৷

কেৱল চৰকাৰৰ আৰ্থিক অনুদানেৰে নামঘৰ-সত্ৰ নিৰ্মাণ কৰিলেই এটা জাতিৰ সাংস্কৃতিক পৰিকাঠামো ৰক্ষা নহয় বুলি উল্লেখ কৰিছিল পদত্যাগী বিষয়ববীয়াসকলে । ইয়াৰ উপৰি ধৰ্মীয় উদাৰতাবাদৰ বিপৰীতে সংকীৰ্ণতাবাদৰ পৰা মুক্ত হৈ জাতি-জনগোষ্ঠীৰ মাজলৈ অসম সত্ৰ মহাসভাক লৈ যাবৰ বাবে সত্ৰ মহাসভাৰ একাংশ বিষয়ববীয়াই পদত্যাগ কৰিবলৈ বাধ্য হৈছে বুলি জানিবলৈ দিয়ে । লগতে আৰ্থিক খেলিমেলি, লবীবাদত এই অনুষ্ঠানটো আক্ৰান্ত হৈ পৰাৰ অভিযোগো উত্থাপন কৰে একাংশ বিষয়ববীয়াই ।

লগতে পঢ়ক :Clash Between Two Families: হত্যাৰ গোচৰক লৈ দুটা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট; আহত 10 গৰাকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.