ETV Bharat / state

অসমৰ ব্যৱসায়ীক ৰাজ্যত প্ৰৱেশত বাধা মেঘালয় চৰকাৰৰ - Assam Meghalaya Border Trade dispute remains same

অসমৰ ব্যৱসায়ীক মেঘালয়ত প্ৰৱেশত বাধা দিছে মেঘালয় চৰকাৰে ৷ এই কাৰ্যৰ পিচতে জাঙুৰ খাই উঠিছে গোৱালপাৰা জিলাৰ ছটাকৈ সংগঠন ৷

অসমৰ ব্যৱসায়ীক ৰাজ্যত প্ৰৱেশত বাধা মেঘালয় চৰকাৰৰ

author img

By

Published : Oct 29, 2020, 1:51 PM IST

গোৱালপাৰা, 29 অক্টোবৰ : অসমৰ ব্যৱসায়ীক মেঘালয়ত প্ৰৱেশত বাধা দিয়াক লৈ জাঙুৰ খাই উঠিছে গোৱালপাৰা জিলাৰ ছটাকৈ সংগঠন । চৰকাৰে আনলক প্ৰক্ৰিয়াৰ জৰিয়তে তলাবন্ধ কাৰ্যসূচী শিথিলতা ঘোষণা কৰিছে । কিন্তু চৰকাৰী ঘোষণাক অৱমাননা কৰি মেঘালয় চৰকাৰে সীমান্ত পথেৰে অসমৰ শ্ৰমিক আৰু ব্যৱসায়ীসকলক প্ৰৱেশ কৰিব নিদিয়াত জাঙুৰ খাই উঠিছে গোৱালপাৰা জিলাৰ বিভিন্ন দল-সংগঠন । চাৰিদফীয়া দাবীৰে কৃষ্ণাই আঞ্চলিক ছাত্ৰ সন্থা,মটৰ শ্ৰমিক সন্থা, খুচুৰা ব্যৱসায়ী সন্থা, আৰু হাটুৱা সন্থাৰ লগতে জিলা আমছু আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যৌথভাৱে গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকাক স্মাৰক পত্ৰ প্ৰদান কৰিছিল ৷ সংগঠনকেইটাৰ দাবীসমূহ আছিল-মেঘালয় চৰকাৰৰ সৈতে যোগাযোগ কৰি গোৱালপাৰা জিলা ব্যৱসায়ীসকলক মেঘালয়ত নিজ নিজ ব্যৱসায় কৰাৰ সুব্যৱস্থা কৰি দিয়া, মেঘালয়ত ব্যৱসায় কৰা সকলো শ্ৰেণীৰ ব্যৱসায়ীৰ লগতে শ্ৰমিকসকলক জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা, অসমৰ যাত্ৰীবাহী আৰু মালবাহী গাড়ী মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিয়া । এইসমূহ দাবী মানি নল'লে অৰ্থনৈতিক অৱৰোধ কৰাৰ হুংকাৰ দিছিল জিলাখনৰ দল-সংগঠন সমূহে ।

অসমৰ ব্যৱসায়ীক ৰাজ্যত প্ৰৱেশত বাধা মেঘালয় চৰকাৰৰ

অৱশেষত আজি অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে দাবীসমূহ মানি কাইলৈৰ পৰা অসম-মেঘালয় সীমান্তৰে সকলো ধৰণৰ যানবাহনৰ লগতে ব্যৱসায়ী সকলে প্ৰবেশ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে গোৱালপাৰা মটৰ শ্ৰমিক সন্থাৰ সভাপতি ননী দাসে ।

প্ৰায় সদৌ ৰাভা ছাত্ৰ সংস্থা, আছু, সদৌ মৰাণ ছাত্ৰ সন্থা আদিকে ধৰি 40টাকৈ সংগঠনে বুধবাৰে আবেলিৰ ভাগত গাৰো পাহাৰলৈ যোৱা পথৰ অৰ্থনৈতিক অৱৰোধ উঠাই লোৱাৰ বিষয়ে ঘোষণা কৰিছিল আৰু বৃহস্পতিবাৰৰ পৰা এই ঘোষণা কাৰ্য্যকৰী হৈছে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত, আৰছুৰ সভাপতি নৃপেন কাণ্ডাই কৈছিল যে মেঘালয়ৰ পৰা যদি অসমলৈ আহিব পাৰে অসমৰ পৰা গৈ মেঘালয়ত কিয় কাম কৰিব নোৱাৰে ৷

লগতে পঢ়ক : মিঞা মিউজিয়াম সন্দৰ্ভত প্ৰতিক্ৰিয়া আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.