ETV Bharat / state

Asias largest banana market: এছিয়াৰ সৰ্ববৃহৎ দৰংগিৰি কলৰ বজাৰত মেলা সদৃশ পৰিৱেশ - দৰংগিৰি কলৰ বজাৰৰ নিউজ

পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ এটা দিন বাকী ৷ আহি আছে ষ্‌ট পূজাও ৷ দীপাৱলী আৰু ষট পূজাৰ আগমূহুৰ্তত অসম আৰু মেঘালয়ৰ কলেৰে ভৰি পৰিছে গোৱালপাৰাৰ দৰংগিৰিত থকা এছিয়াৰ বিখ্যাত কলৰ বজাৰ (Darangiri Asias largest banana market) ৷

Asias largest banana market in Daranggiri
এছিয়াৰ সৰ্ববৃহৎ দৰংগিৰি কলৰ বজাৰত মেলা সদৃশ পৰিৱেশ
author img

By

Published : Oct 23, 2022, 2:16 PM IST

গোৱালপাৰা, 23 অক্টোবৰ: পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ এটা দিন বাকী (Diwali 2022) ৷ আহি আছে ষ্‌ট পূজাও ৷ দীপাৱলী আৰু ষট পূজাৰ আগমুহুৰ্তত অসম আৰু মেঘালয়ৰ কলেৰে ভৰি পৰিছে গোৱালপাৰাৰ দৰংগিৰিত থকা এছিয়াৰ বিখ্যাত কলৰ বজাৰ ৷

দীপাৱলী আৰু ষট পূজাৰ আগমুহুৰ্তত এইবাৰো যেন মেলা সদৃশ পৰিৱেশ দৰংগিৰিৰ কলৰ বজাৰখনত ৷ এইবেলিও বিভিন্ন প্ৰজাতিৰ কলেৰে পৰিপূৰ্ণ হৈ পৰিছে এছিয়াৰ সৰ্ববৃহৎ দৰংগিৰি কলৰ বজাৰ (Daranggiri largest banana market) ৷ কি চেনিচম্পা, কি মালভোগ অথবা কি চাহেব সকলো প্ৰকাৰৰ কল যেন উভৈনদী দৰংগিৰি বজাৰত ৷ বজাৰ খনৰ পৰা অসমৰ কল এতিয়া ট্ৰাকে ট্ৰাকে ৰপ্তানি হৈছে বহিঃৰাজ্যৰ লগতে বহিঃদেশলৈও (Largest banana market of Asia) ৷

এইবেলিও দেশী- বিদেশী ব্যৱসায়ীৰে ভৰি পৰিছে দৰংগিৰিৰ কলৰ বজাৰ (Darangiri Asias largest banana market) ৷ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল, ভূটানকে ধৰি বহিঃৰাজ্যৰ বিহাৰ, পশ্চিমবংগ, ঝাৰখাণ্ড, উৰিষ্যা আদি কেইবাখনো ৰাজ্যলৈ ৰপ্তানি হৈছে কল ৷ ব্যৱসায়ীসকলক বিনামূলীয়াকৈ থকাৰো সু-ব্যৱস্থা কৰি দিছে দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিয়ে ৷

প্ৰতিবছৰে দীপাৱলী আৰু ষট পূজাৰ প্ৰাকক্ষণত কলৰে ভৰি পৰে বজাৰখন ৷ গোৱালপাৰাৰ লগতে নিকটৱৰ্তী কামৰূপ জিলা আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও বজাৰখনলৈ আহে ট্ৰাকে ট্ৰাকে কল ৷ অৱশ্যে অন্য বছৰৰ তুলনাত এইবাৰ কলৰ মূল্য হ্ৰাস পাইছে বজাৰখনত ৷ কাৰণ অধিক উৎপাদনৰ বিপৰীতে এইবেলি ব্যৱসায়ীৰ সংখ্যা কম হেতুকে পূৰ্বৰ তুলনাত ক’লৰ মূল্য হ্ৰাস পোৱা বুলি জনাইছে পৰিচালনা সমিতিয়ে ৷

উল্লেখ্য যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কল উৎপাদন তথা বিপণনৰ ক্ষেত্ৰত গোৱালপাৰা জিলাৰ দৰংগিৰিৰ এই কলৰ বজাৰে গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে (Asias Largest Banana Market in Northeast India)৷ গোৱালপাৰা জিলাৰ সদৰৰ পৰা ৪৩ কিলোমিটাৰ পূৱে তথা গুৱাহাটীৰ পৰা ১০০ কিলোমিটাৰ পশ্চিমে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দৰংগিৰি নামৰ বৃহত্তৰ অঞ্চলটোৱে কল উৎপাদনৰ ক্ষেত্ৰত সম্প্ৰতি দেশৰ ভিতৰতে শ্ৰেষ্ঠতম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ৷

দৰংগিৰি চহৰখনত থকা কলৰ বজাৰখনত প্ৰতিদিনে গড়ে ত্ৰিছৰ পৰা চল্লিছ ট্ৰাক কল বিক্ৰী হয় ৷ বজাৰ খনত অসম-মেঘালয় সীমাৰ গাৰো পাহাৰৰ পাদদেশত থকা ব্যক্তিগত কলৰ বাগান বোৰৰ উপৰিও গোৱালপাৰা জিলা, কামৰূপ(গ্ৰাম্য) জিলাৰ ব্যক্তিগত কলৰ বাগানবোৰত উৎপাদন হোৱা মালভোগ, চেনিচম্পা, মনোহৰ আদি কল বিক্ৰী হয় ৷ এই কলবোৰ এই বজাৰখনৰ যোগেৰে অসমৰ বিভিন্ন ঠাইলৈ যোৱাৰ লগতে পশ্চিমবংগ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, বিহাৰ, ওড়িশাৰ উপৰি ভূটান, বাংলাদেশ আদিলৈ ৰপ্তানি হয় ৷

উল্লেখ্য যে বৃহৎ অঞ্চলটোৰ গাৰো সম্প্ৰদায়ৰ লোকসকলৰ উপৰি আন আন সম্প্ৰদায়ৰ লোকসকলো কল খেতিৰ ওপৰত বহুলাংশে নিৰ্ভৰশীল ৷

লগতে পঢ়ক: Diwali 2022 in Assam: ৰাজ্যৰ চৌদিশে পোহৰৰ উৎসৱক লৈ ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.