ETV Bharat / state

বিদ্যুৎ সংযোগৰ নামত পশ্চিম গোৱালপাৰাত লুন্ঠন - গোৱালপাৰাত শক্তি বিভাগৰ ঠিকাদাৰৰ লুণ্ঠন

পশ্চিম গোৱালপাৰাত শক্তি বিভাগৰ ঠিকাদাৰৰ লুণ্ঠন । কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি দীনদয়াল উপাধ্যায় জীৱন জ্যোতি আঁচনিৰ বিদ্যুৎ সংস্থাপনৰ নামত হাজাৰ হাজাৰ টকাৰ উৎকোচৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে ৷

বিদ্যুৎ সংযোগৰ নামত পশ্চিম গোৱালপাৰাত লুন্ঠন
author img

By

Published : Jul 3, 2019, 7:42 PM IST

পশ্চিম গোৱালপাৰা, ৩জুনঃ পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ বৈদ্যুতিক সংমণ্ডলৰ অধীনৰ ছাটাবাৰী দ্বিতীয় খণ্ডৰ দুখনকৈ গাঁও ৰাংছিপাৰা আৰু জংচিপাৰাত বিদ্যুৎ সংযোগৰ নামত ব্যাপক দুৰ্নীতি । দুয়োখন গাঁৱত বিদ্যুৎ সংযোগৰ বাবে বিভাগীয় ঠিকাদাৰে স্থানীয় ৰাইজৰ পৰা অবৈধ ভাবে সংগ্ৰহ কৰিলে ধন । BRVP নামৰ কোম্পানীটোৱে কাম সম্পন্ন কৰাৰ বাবে ঠিকাদাৰ নিয়োগ কৰিছিল লক্ষীপুৰৰ জহিৰুল ইছলামক ৷ জহিৰুলে গাঁৱৰ ৰাইজৰ পৰা বিদ্যুৎ সংযোগ নামত 20 হাজাৰ কৈ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে । ৰাইজৰ অভিযোগ বৈদ্যুতিক খুঁটা সমূহো ৰাইজৰ হতুৱাই স্থাপন কৰালে ঠিকাদাৰে। বৈদ্যুতিক পৰিবাহী তাঁৰ সমূহৰ সংযোগ স্থাপন কৰিয়েই ঠিকাদাৰে দায়িত্ব সামৰাৰ অভিযোগ স্থানীয় বাসিন্দাৰ । ঠিকাদাৰৰ এনে কৰ্ম কাণ্ডত অতিষ্ঠ হৈ বুধবাৰে স্থানীয় ৰাইজে আশ্ৰয় ললে সংবাদ মাধ্যমৰ ।সংবাদ মাধ্যমৰ জৰিয়তে স্থানীয় ৰাইজে উচিত তদন্ত কৰি ঠিকাদাৰৰ বিৰুদ্ধে উচিত পদক্ষেপ লবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৷

বিদ্যুৎ সংযোগৰ নামত পশ্চিম গোৱালপাৰাত লুন্ঠন

আৰু পঢ়কঃ বিশ্বনাথত কাঠৰ খুটাত বিদ্যুতৰ তাঁৰ

Intro:পশ্চিম গোৱালপাৰা, ৩,জুন: পশ্চিম গোৱালপাৰাত বৈদ্যুতিক বিভাগৰ ঠিকাদাৰৰ লুণ্ঠন। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি দীনদয়াল উপাধ্যায় জীৱন জ্যোতি আঁচনিৰ বৈদ্যুতিক সংস্থাপনৰ নামত হাজাৰ হাজাৰ টকাৰ উৎকোচ ঠিকাদাৰৰ।Body: পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ বৈদ্যুতিক সংমণ্ডলৰ অধীনৰ ছাটাবাৰী দ্বিতীয় খণ্ডৰ দুখনকৈ গাঁও। এখন ৰাংছি পাৰা আৰু আনখন জংচি পাৰা ।দুয়োখন গাঁৱত বৈদ্যুতিক সংযোগৰ বাবে বিভাগীয় ঠিকাদাৰে স্থানীয় ৰাইজৰ পৰা সংগ্ৰহ কৰিলে ধন। BRVP নামৰ কোম্পানীটোৱে বৈদ্যুতিক কাম খিনি সম্পন্ন কৰাৰ বাবে ঠিকাদাৰ নিয়োগ কৰিছিল লক্ষীপুৰৰ জহিৰুল ইছলামক ধূৰ্ত জহিৰুলে সহজ সৰল গাঁৱলীয়া লোকৰ পৰা বৈদ্যুতিক সংযোগৰ বাবে ললে বিছ হাজাৰ কৈ টকা। এনেকি বৈদ্যুতিক খুটা সমূহো ৰাইজৰ হতুৱাই পুতিলে। অকল মাত্ৰ ওপৰৰ বৈদ্যুতিক পৰিবাহী তাঁৰ সমূহৰ সংযোগ স্থাপন কৰিয়েই দায়িত্ব সামৰিলে। অকল এয়াই নহয় ঠিকাদাৰ গৰাকীয়ে বৈদ্যুতিক খুটা সমূহই যাতে বিপদ ঘটাব নোৱাৰে তাৰ বাবে খুটাৰ লগত সংযোগ স্থাপন কৰি যি তাঁৰ দিব লাগে সেয়াও কাষৰ গছ নতুবা গছৰ শিপাত বান্ধি কাম সম্পন্ন কৰিলে। ফলত ঠিকাদাৰৰ এনে কৰ্ম কাণ্ডত অতিষ্ঠ হৈ আজি স্থানীয় ৰাইজে আশ্ৰয় ললে সংবাদ মাধ্যমৰ।

Conclusion: সংবাদ মাধ্যমৰ জৰিয়তে স্থানীয় ৰাইজে ইয়াৰ উচিত তদন্ত কৰি ঠিকাদাৰৰ বিৰুদ্ধে উচিত পদক্ষেপ লবলৈ উৰ্ধতন কতৃপক্ষক দাবী জনাইছে।
বেদীশ নাথ
পশ্চিম গোৱালপাৰা ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.